ৰঙিয়া : বাক্সা জিলাৰ অন্তৰ্গত ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত পুঠিমাৰী নৈয়ে যোৱা বছৰ মথাউৰি ভাঙি প্ৰলয়ংকৰী বানৰ সৃষ্টি কৰাৰ পিছত বহু পলমকৈ নিৰ্মাণ কাম আৰম্ভ কৰা মথাউৰিখন বৰ্তমানেও অসম্পূৰ্ণ হৈ আছে। মথাউৰিখন নিৰ্মাণৰ কাম লেহেমীয়া গতিত চলি থকাৰ বাবে পুনৰ প্ৰলয়ংকৰী বানৰ সৃষ্টি হোৱাৰ আশংকাত ভুগিছে ৰঙিয়াবাসী ৰাইজ। বিগত কিছুদিন ধৰি নেৰানেপৰা বৰষুণৰ ফলত জলস্থৰ বৃদ্ধি পোৱাত ভয়াবহ ৰূপ ধাৰণ কৰিছে পুঠিমাৰী নৈ।

পুঠিমাৰী নৈৰ পানী বৃদ্ধি পোৱাত নিৰ্মীয়মান মথাউৰিখনৰ তলেৰে কেইবাঠাইত পানী সোমাবলৈ ধৰাত স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে। প্ৰায় ৯ কৌটি টকাৰে নিৰ্মিত মথাউৰিখনৰ লেহেমীয়া কামৰ বাবে সম্পূৰ্ণ হৈ নুঠাৰ লগতে আজিলৈকে ভগ্ন অংশত নপৰিল জিঅ’ বেগ। ঠিকাদাৰৰ অৱহেলাৰ বাবে এতিয়া প্ৰলয়ংকৰী বানৰ আশংকাত পৰি ৰাইজ ক্ষোভিত হৈ উঠিছে। অঞ্চলটোৰ ক্ষোভিত ৰাইজৰ কাষত থিয় দিয়ে কামৰূপ জিলা ছাত্র সন্থাৰ প্ৰতিনিধিৰ এটা দলে।

মাথাউৰিখনৰ ভগা অংশৰ মেৰামতিৰ কাম প্ৰত্যক্ষ কৰি ছাত্র সন্থাৰ প্ৰতিনিধি দলটো চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় গোটেই বছৰটোত মাথাউৰিখন ভাঙি যোৱা ঠাইত জিঅ’বেগ দিবলৈ সময় নাপালে নেকি ? মথাউৰিখনৰ বহু ঠাইত মাটি চপৰা-চপৰে খহিবলৈ আৰম্ভ কৰাত মথাউৰি নিৰ্মাণৰ গুণগত মানদণ্ড লজ্জাজনকভাৱে ওলাই পৰিল বুলি মন্তব্য কৰে আছুৰ নেতৃবৃন্দই। এবছৰ ধৰি কেইবাটাও পৰিয়ালে কিয় মথাউৰিৰ ওপৰতে থাকিব লগা হ’ল বুলিও আছুৱে চৰকাৰক প্ৰশ্ন কৰে।

আৰু পঢ়কঃ জুৱাৰীৰ পৰা উৎকোচ লৈ নিলম্বিত হ’ল আৰক্ষী বিষয়া

মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ পিছতো ৰজাঘৰে ঠিকাদাৰক কিয় নাকী লগাব নোৱাৰে সেয়াই বৰ্তমান সময়ত বৃহত্তৰ অঞ্চলটোৰ বাবে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। বিধায়ক ভাৱেশ কলিতা আৰু এম চি এল এ পবিত্ৰ বড়োৰ লগতে জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সন্মুখত ঠিকাদাৰজনে কেনেদৰে ইমান ডাঙৰ অনিয়ম সংঘটিত কৰিবলৈ পালে বুলি বানাক্ৰান্ত ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। স্থানীয় ৰাইজে অতি শীঘ্ৰে মাথাউৰিখন ভাঙি যোৱা অংশত জিঅ’বেগ দিবলৈ দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply