গুৱাহাটী : মহানগৰী গুৱাহাটীৰ মালিগাঁৱত উদ্ধাৰ হয় এক প্ৰকাণ্ড অজগৰ সাপ। কেম্ব্ৰিজ পাব্লিক স্কুলৰ গছৰ ওপৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় প্ৰকাণ্ড অজগৰ সাপটো। বন বিভাগে অজগৰ সাপটোক গছৰ পৰা উদ্ধাৰ কৰে।
শনিবাৰে মহানগৰীৰ মালিগাঁৱৰ কেম্ব্ৰিজ পাব্লিক স্কুলৰ এটা গছৰ ওপৰত আশ্ৰয় লৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এটা প্ৰকাণ্ড অজগৰ সাপ। গছৰ ওপৰত ওলমি থকা অৱস্থাত প্ৰকাণ্ড অজগৰ সাপটোক প্ৰত্যক্ষ কৰি ৰাইজে বন বিভাগক খবৰ দিয়ে।
ঘটনাস্থলীত বন বিভাগৰ লোক আহি গছৰ ওপৰৰ পৰা অজগৰ সাপটোক উদ্ধাৰ কৰে। বন বিভাগে সাপটোক উদ্ধাৰ কৰি খানামুখত থকা বন বিভাগৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে। গছত ওলমি থকা অজগৰ সাপটোক চাবলৈ বহু লোকে ভিৰ কৰা পৰিলক্ষিত হয়।
লগতে পঢ়ক : ডিপলিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভৱন উদ্বোধন কৰিলে মন্ত্ৰী যোগেন মহন আৰু সাংসদ তপন কুমাৰ গগৈয়ে
উল্লেখ্য যে কিছুদিন পূৰ্বে মালিগাঁৱৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ওচৰত এঘৰ লোকৰ ঘৰটো এটা প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হৈছিল। অজগত সাপটো লোক জনৰ ঘৰৰ চিলিংত আশ্ৰয় লৈ আছিল। বন বিভাগে অজগৰ সাপটো উদ্ধাৰ কৰিছিল।