দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ হাজিৰহাট কুকিলাৰপাৰ গাঁৱত পুৱাৰ ভাগত এটা বিশাল অজগৰ সাপ উদ্ধাৰ হয়। স্থানীয় ৰাইজে অজগৰ সাপটোক উদ্ধাৰ কৰি বন বিভাগত গতাই দিয়ে।
গাঁৱখনৰ জাহাঙ্গীৰ আলম নামৰ এগৰাকী শ্ৰমিকৰ ঘৰত পুৱা প্ৰায় ৯ বজাত ১০ ফুট দীঘল অজগৰ সাপটো দেখা পোৱাৰ লগে লগে পৰিয়ালটো আতংকিত হৈ পৰে। পৰিয়ালৰ সদস্য সকলে চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰাত স্থানীয় লোক উপস্থিত হৈ অজগৰ সাপটোক উদ্ধাৰ কৰি হাটশিঙিমাৰী বন বিভাগক খবৰ দিয়ে।
লগতে পঢ়ক : কাৰ্বি আংলঙৰ নাহৰজানত অস্ত্ৰসহ ৫ জন নাগা যুৱকক আটক
বিয়লি প্ৰায় ২ বজাত বন বিভাগৰ দল এটা ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে অজগৰটো বন বিভাগক চমজাই দিয়ে। ইতিমধ্যে বন বিভাগে অজগৰটো চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰত মুকলি কৰি দিছে বুলি জানিব পৰা গৈছে। বিশাল আকাৰৰ অজগৰ সাপটো লোকজনৰ ঘৰত বানৰ সময়ত আশ্ৰয় লৈছিল বুলি ধাৰণা কৰা হৈছে।