গুৱাহাটী : মহানগৰীৰ গুৱাহাটীত ঘৰৰ চিলিংত প্ৰকাণ্ড অজগৰ সাপ। মালিগাঁৱত এঘৰ লোকৰ চিলিংত সোমাল প্ৰকাণ্ড অজগৰ সাপ। বন বিভাগে উদ্ধাৰ কৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰিলে অজগৰ সাপটো।

শুকুৰবাৰে পুৱাৰ ভাগতে মালিগাঁৱত এটা অজগৰ সাপক কেন্দ্ৰ কৰি সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ। মালিগাঁৱৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ সন্মুখত এঘৰ লোকৰ চিলিংত প্ৰকাণ্ড অজগৰ সাপ এটা প্ৰত্যক্ষ কৰি ৰাইজৰ মাজত সৃষ্টি হয় আতংকময় পৰিৱেশৰ।

কামাখ্যা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত অজগৰ সাপটো ওলাই আহি এঘৰ লোকৰ চিলিংত আশ্ৰয় লয়। ঘৰৰ গৰাকী জনে অজগৰ সাপটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অজগৰ সাপটোক উদ্ধাৰ কৰে।

আৰু পঢ়কঃ পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত যন্ত্ৰ চালিত নাওঁসহ জব্দ ২২ টাকৈ চোৰাং গৰু

বন বিভাগৰ লোকে বহু সময় ধৰি চেষ্টা চলাই উদ্ধাৰ কৰা অজগৰ সাপটো প্ৰায় ১০ ফুট দীঘল আছিল বুলি জানিব পৰা গৈছে। বন বিভাগে অজগৰ সাপটোক উদ্ধাৰ কৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply