গুৱাহাটীঃ ডিব্ৰুগড়-নতুন দিল্লী নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। ৰে’ল আৰক্ষীয়ে জব্দ কৰিছে ১২০ পেকেট আৰ ৭ টেবলেট। প্ৰতিটো পেকেটত আছে ২০০টাকৈ টেবলেট। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে এই অভিযানটো চলাইছিল। ৰঙিয়া-ঘগ্ৰাপাৰাৰ সমীপত এই টেবলেটখিনি জব্দ কৰিবলৈ সক্ষম হয়।

লগতে ৰে’ল আৰক্ষীয়ে আটক কৰিছে ছাইদুৰ ৰহমান নামৰ এজন সৰবৰাহকাৰীক। সৰবৰাহকাৰীজনে ডিমাপুৰৰ পৰা আনিছিল টেবলেটখিনি। কোচবিহাৰলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল। জব্দ কৰা নিচাজাতীয় টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ১২ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

লগতে পঢ়কঃশোণিতপুৰত আৰক্ষীৰ জালত পৰিল ড্ৰাগছসহ পাঁচটাকৈ সৰবৰাহকাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply