প্ৰবীণ বৰুৱা, মঙলদৈ: অবিভক্ত দৰং জিলা লোকশিল্পী কল্যাণ নিধিৰ ৰাভা দিৱস উদযাপন৷ অনুষ্টুপীয়াভাৱে উদযাপন কৰা হৈছে ৰাভা দিৱস৷
বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰিলে বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত৷ সমগ্ৰ ৰাজ্যতে বান পৰিস্থিতিৰ বাবে কলাগুৰু বিষ্ণু ৰাভাৰ দিৱসটি অনুষ্টুপীয়াকৈ পালন কৰিলে ৰাজ্যবাসীয়ে৷
অবিভক্ত দৰং জিলা লোকশিল্পী কল্যাণ নিধিয়ে দৰং জিলা সাহিত্য সভা প্ৰকল্পত ৰাভা দিৱস উদযাপন কৰে৷ দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চহিৰ ভূঞাই বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শিল্পী দিনবন্ধু চহৰীয়াই মাল্যাৰ্পণ কৰে৷