বকোঃ ৰাভা-হাচং স্বায়ত্ব শাষিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত শুকুৰবাৰে কামৰূপ জিলাৰ বকোৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ ৰাভা ছাত্ৰ সংগঠন, সদৌ ৰাভা মহিলা পৰিষদ, ছয় অনুসূচী দাবী সমিতিৰ লগতে অন্যান্য কেইবাটাও সংগঠনে।

কামৰূপ জিলাৰ সদৌ ৰাভা ছাত্ৰ সংগঠনৰ সভাপতি অজিত ৰাভাৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিবাদত কামৰূপ জিলাৰ ৰাভা ছাত্ৰ সংগঠন, সদৌ ৰাভা মহিলা পৰিষদ আৰু ছয় অনুসূচী দাবী সমিতিৰ ২০০ৰো অধিক সদস্যই অংশগ্ৰহণ কৰে।

সংগঠনসমূহে তেওঁলোকৰ বিভিন্ন দাবীসমূহ অন্তৰ্ভুক্ত কৰি বকো ৰাজহ চক্ৰ বিষয়া দিবাশ বৰদলৈৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

স্মাৰকপত্ৰখনত সংগঠনকেইটাই সংবিধানৰ ষষ্ঠ অনুসূচীত ৰাভা-হাচং স্বায়ত্ব শাষিত পৰিষদক অন্তৰ্ভুক্ত কৰা, বন অধিকাৰ আইন (২০০৬)ৰ স্বীকৃতি ৰূপায়ণ কৰা, জনজাতীয় খণ্ড আৰু আবেষ্টনী, জনজাতীয় উপ-পৰিকল্পনাৰ সুৰক্ষা, আৰু অ-জনজাতীয় লোক বা সংগঠনসমূহক ভূমি আৱণ্টন নকৰাৰ দাবী জনায়। 

সদৌ ৰাভা মহিলা পৰিষদৰ উপ-সভাপতি বিচিত্ৰ ৰাভাই কয় যে যদিও বিজেপি নেতৃত্বাধীন চৰকাৰৰ সৈতে আমাৰ মিত্ৰতা আছে, আমি এতিয়া অনুভৱ কৰোঁ যে আমাৰ চৰকাৰে আমাক অৱহেলা কৰি আহিছে, সেয়েহে আমি আমাৰ অধিকাৰৰ বাবে প্ৰতিবাদত বহিছো।

সদৌ ৰাভা ছাত্ৰ সংগঠন, কামৰূপ জিলাৰ সভাপতি অজিত ৰাভাই কয়, “১৭ আগষ্টত খিলঞ্জীয়া জনজাতীয় লোকসকলৰ বাবে ভূমি যোগান ধৰাৰ বাবে কিছু পদক্ষেপ লোৱা হৈছিল, কিন্তু কামৰূপ উপায়ুক্তক আন এখন জিলালৈ বদলি কৰা হৈছিল আৰু এই বিষয়বোৰৰ পৰা অব্যাহতি দিয়া হৈছিল।

লগতে তেওঁ কৈছিল যে চৰকাৰে তেওঁলোকৰ দাবী পূৰণ নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব। যিহেতু আলোচনা আৰু মিত্ৰতাই কোনো সমস্যা সমাধান কৰা নাই, আমি আমাৰ দাবীৰ বাবে আমাৰ প্ৰথম পৰ্যায়ৰ প্ৰতিবাদ আৰম্ভ কৰিছো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply