প্ৰশাসনৰ হাতুৰীৰ কোব মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত

গুৱাহাটী মহানগৰীক সজাই পৰাই কৰা হ’ব স্মাৰ্ট চিটি। যাৰ বাবেই নিৰ্মাণ কৰি থকা হৈছে মহানগৰীৰৰ প্ৰান্তে প্ৰান্তে উৰণীয়া সেতু, আকাশচুম্বী অট্টালিকা। পুনৰ নিৰ্মাণ কৰা হৈছে বিভিন্ন চৰকাৰী কাৰ্যালয়। প্ৰশাসনৰ হাতুৰীৰ কোব পৰিছে মহানগৰীৰ কলা সংস্কৃতিৰ কেন্দ্ৰবিন্দুস্বৰূপ ৰবীন্দ্ৰ ভৱনতো।

ৰবীন্দ্ৰ ভৱনৰ পুনৰ নিৰ্মাণ কাৰ্য বহু পূৰ্বেই আৰম্ভ হৈছিল যদিও বৰ্তমান এক নতুন ৰূপত ৰাইজে দেখিবলৈ পাব ৰবীন্দ্ৰ ভৱনক। পুনৰ নিৰ্মাণৰ বাবে সম্পূৰ্ণ ৰূপে ভাঙি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব প্ৰশাসনে।

প্ৰশাসনৰ এই সিদ্ধান্ত যদিও প্ৰশংসনীয় কিন্তু ইয়াৰ সৈতে জড়িত হৈ থকা কেইবা দশকৰ স্মৃতি এতিয়া বিচাৰি নাপাব নাট্যপ্ৰেমী ৰাইজে। উন্নত মানদণ্ডৰ মঞ্চ,  অপেক্ষা গৃহ অথবা আসনৰ মাজত নাথাকিব অতীতৰ সুমধুৰ স্মৃতি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply