নিউজ ডেস্ক : কালাৰ্ছ টিভিত সম্প্ৰচাৰিত এটা ৰিয়েলিটি শ্ব’ত ৰাঘৱ জুৱাল নামৰ এগৰাকী এংকৰে  অসমৰ এগৰাকী প্ৰতিযোগীৰ প্ৰতি কৰা বৰ্ণবৈষম্যমূলক মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

‘ডেন্স দিৱানে’ নামৰ ৰিয়েলিটি শ্ব’টোৰ এংকৰ ৰাঘৱে নৃত্য প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা অসমৰ গুঞ্জন সিনহাক চাইনিজ বুলি কোৱা এটা ভিডিঅ’ সোমবাৰে ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্নজনে ইয়াৰ প্ৰতিবাদ জনায়।

আনকি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰা নিজৰ প্ৰতিক্ৰিয়াত মুখ্য মন্ত্ৰীয়ে এইয়া অতি লজ্জাজনক বুলি মন্তব্য কৰি এনে আচৰণ কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি কয়।

আনহাতে, বিতৰ্কৰ পাছতে এংকৰ ৰাঘৱ জুৱালে স্পষ্টীকৰণ দি কয় যে এয়া এক নিৰ্দোষ ধেমালি আছিল। তেওঁ কয় যে তেওঁ অসমীয়াক লৈ ঠাট্টা কৰা নাছিল আৰু অসমৰ লোকসকলে তেওঁক ভুল বুজিছে।

লগতে পঢ়ক : লামডিং বনাঞ্চলৰ মাটিৰ দালালি কৰা নজৰুল ইছলামক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply