নিউজ ডেস্কঃ আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডৰ পাছত সমগ্ৰ ৰাজ্যতে ইয়াক লৈ তোলপাৰ লাগিছে। তাৰ মাজতে আজি ৰেগিং বিৰোধী সমিতিৰ অন্তিমখন বৈঠক অনুষ্ঠিত হয়।
শুকুৰবাৰে আন এজন ছাত্ৰই ৰেগিঙৰ বিৰুদ্ধে ভাষ্য প্ৰদান কৰাৰ পাছত শনিবাৰে আন ৫জন অভিযুক্ত ছাত্ৰৰ ভাষ্য গ্ৰহণ কৰিব ৰেগিং বিৰোধী সমিতিয়ে।
সমিতিখনে ছাত্ৰ কেইগৰাকীৰ ভাষ্য কাৰাগাৰত গ্ৰহণ কৰিব।জানিব পৰা মতে, আজি অভিযুক্ত ৫ জন শিক্ষাৰ্থীৰ ভাষ্য গ্ৰহণৰ পাছতেই সন্ধিয়া সমিতিখনে দাখিল কৰিব প্ৰতিবেদন ।