কামপুৰঃ বাঁহৰ দলঙেই একমাত্ৰ ভৰষা ৰহা সমষ্টিৰ জুৰিপাৰ আৰু শিঙিমাৰী ৰাইজৰ।
প্ৰতি পাঁচ বছৰৰ পাছত সলনি হয় চৰকাৰ। কিন্তু সলনি নহয় নগাঁও জিলাৰ ৰহা সমষ্টিৰ জুৰিৰপাৰ আৰু শিঙিমাৰী সংযোগী বাঁহৰ দলং খন।
বৰপানী নদীৰ ওপৰত থকা এই বাঁহৰ দলংখন বাৰিষা প্ৰতিবছৰে বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত হাহাকাৰ কৰিব লগা হয় অঞ্চলটোৰ ১৫ খন গাঁৱৰ ৰাইজে।
আৰু পঢ়কঃএন আৰ চিৰ প্রাক্তন মুখ্য সমন্বয়কৰ বিৰুদ্ধে এ পি ডব্লিউৰ গোচৰ
বাঁহৰ দলঙৰ পৰা পৰি বহু দুৰ্ঘটনাও সংঘটিত হৈছে।প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়ে।
কিন্তু আজি পৰ্যন্ত ন’হল বাঁহৰ দলঙৰ পৰিবৰ্তে পকী দলং। সেয়েহে চৰকাৰক শীঘ্ৰে বৰপানী নদীৰ ওপৰত পকী দলং নিৰ্মাণ কৰি দিবলৈ জুৰিপাৰ,শিঙিমাৰী,পণ্ডিতঘাট,লংজাপ আদি গাঁৱৰ ৰাইজে দাবী জনাইছে।