গুৱাহাটী : বিজেপিত যোগদান কৰিব ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে। মুখ্যমন্ত্ৰীৰ ঘোষণা ৰহাৰ বিধায়কজন চৰকাৰৰ পক্ষত থাকিব। বিধানসভাৰ প্ৰথম দিনটোত গামোছা পিন্ধাই মুখ্যমন্ত্ৰীয়ে আদৰণি জনায় ৰহাৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাসক।

পুনৰ কংগ্ৰেছ ত্যাগ কৰিব এজন বিধায়কে। ৰহাৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাসে কংগ্ৰেছ দল ত্যাগ কৰিব। শীঘ্ৰেই ৰহাৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাসে যোগদান কৰিব বিজেপিত।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে ঘোষণা কৰিলে। এতিয়াই বিধায়কজনে বিজেপিত যোগদান নকৰে। বিধায়কজনে বিধায়ক পদো ত্যাগ নকৰে যদিও চৰকাৰৰ পক্ষত থাকিব বিধায়কজন।

বৰ্তমান ৰহাৰ বিধায়কজন চৰকাৰৰ লগত থাকি আৰু চৰকাৰক বিধায়কজনক সকলো ধৰণে সহায় সহযোগিতা কৰি যাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।ৰহা সমষ্টি উন্নয়নৰ বাবেও চৰকাৰে বিধায়জনক সকলো প্ৰকাৰে সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

লগতে পঢ়ক : চৰকাৰী চাকৰীলৈ আশা নকৰি কবি খেতিৰে স্বাৱলম্বী মৰাণৰ এদল যুৱক

বিজেপিত যোগদান কৰাৰ প্ৰসংগত ৰহাৰ বিধায়ক শশীকান্ত দাসে কয় যে, এতিয়াই দল ত্যাগ কৰাৰ প্ৰসংগ অহা নাই। এতিয়া কেৱল সমষ্টি উন্নয়ৰ বিষয়টোক হে গুৰুত্ব প্ৰদান কৰা হৈছে। তেওঁ বৰ্তমান কংগ্ৰেছ দলতেই থাকি সমষ্টি উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ পক্ষত থাকি চৰকাৰৰ সকলো কাম-কাজত সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply