কামপুৰঃ গাৰোখোন্দা পঞ্চায়তৰ দহ নং ৱাৰ্ডৰ এটা মথাউৰি নিৰ্মাণক লৈ এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। পঞ্চায়তটোৰ কেইগৰাকী মান পঞ্চায়ত সদস্যই দহ নম্বৰ ৱাৰ্ডৰ মথাউৰিটো অৰ্ধ নিৰ্মাণ কৰি স্থগিত ৰখাত এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ।
পঞ্চায়তৰ সভানেত্ৰী চম্পা বেপীৰ নামত অহা এই কামটো এগৰাকী অন্য ৱাৰ্ডৰ সদস্যই কৰিছিল। বিগত বৰ্ষত প্ৰলয়ংকাৰী বানৰ কবলত পৰিব লগীয়া হৈছিল স্থানীয় লোকসকল।
আৰু পঢ়কঃতামুলপুৰৰ মটঙা নৈৰ কোৱাল সোঁতৰ মাজেদি বিপদসংকুল যাত্ৰা ৰাইজৰ
বাৰিষা অহাৰ লগে লগেই মথাউৰিটোৰ এটা অংশৰে কপিলী নদীৰ পানী সোমাই ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছিল।
মথাউৰিটো নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠাৰ পাছতো কোনো ব্যৱস্থা হাতত লোৱা নাই বিভাগীয় কৰ্তৃপক্ষই। এই মথাউৰিটো সোনকালে নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ভুক্তভোগী ৰাইজে।