কামপুৰঃ ৰহা উন্নয়ন খণ্ডত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত দাদালৰাজ।

নতুন মন্ত্ৰীয়ে দায়িত্ব ল’লে যদিও গ্ৰামোন্নয়ন বিভাগত চলি থকা দাদালৰাজ এতিয়াও কমা নাই ৷

এইবাৰ ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত আমতলা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ প্ৰদানৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

পঞ্চায়তটোত ৱাৰ্ড সদস্য ইমদাদুল হক, আছাৰ আলী, মুক্তাৰ হুছেইন, ইবাদুল হুছেইন আৰু মেহবুব ইছলাম নামৰ দালাল কেইজনে ঘৰ প্ৰদানৰ নামত চলাই গৈছে অবাধ দুৰ্নীতি।

বিভাগীয় বিষয়া কৰ্মচাৰীসকলে এই বিষয়ে অবগত হোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ।

এই দালাল চক্ৰই ৫ হাজাৰৰ পৰা ২০ হাজাৰ টকালৈকে সংগ্ৰহ কৰি প্ৰকৃত দুখীয়া লোকক বঞ্চিত কৰি আৰ্থিকভাৱে স্বচ্ছল লোকক বাচনি কৰাৰ গুৰুত্বৰ অভিযোগ।

আৰু পঢ়কঃমূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

কেৱল ইমানেই নহয়, নিজাববীয়াকৈ Agreement পত্ৰ প্ৰস্তুত কৰিও দালাল চক্ৰই চলাইছে লুন্ঠন ।

সমগ্ৰ ঘটনা পঞ্চায়ত সভাপতি টুটুমণি দাসক অৱগত কৰাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ ৷

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা পঞ্চায়তটোত চলি থকা এনে অনিয়মৰ বিৰুদ্ধে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৰা উচিত তদন্ত বিচাৰিছে স্থানীয় লোকে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply