কামপুৰঃ বিগত ৩০ বছৰে মুকলি নোহোৱা এখন আজৱ চিকিৎসালয় ৷ অগপ চৰকাৰৰ কাৰ্যকালতে ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰিছিল চিকিৎসালয় খন ৷
কিন্তু নিৰ্মাণৰ ৩০ বছৰ উকলি যোৱাৰ পাছতো আজিকোপতি ৰাইজে চিকিৎসা সেৱা লাভ নকৰিলে । বৰ্তমান হাবি জংঘলেৰে ভৰি ভূত বাংলাত পৰিণত হ’ল চিকিৎসালয় খন৷
আৰু পঢ়কঃচৰকাৰলৈ বাট নাচাই অৱশেষত নিজেই ওলাই আহিল কেইবাখনো গাঁৱৰ ৰাইজ
বহু চৰকাৰ আহিল আৰু গ’ল, কাৰোৰে সময় নহ’ল চিকিৎসালয়খনলৈ দৃষ্টি দিবলৈ ৷ বৃহস্পতিবাৰে ৰহাৰ বিধায়ক শশীকান্ত দাসে উক্ত চিকিৎসালয় খন পৰিদৰ্শন কৰি স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰি পুনৰ চিকিৎসালয়খন মুকলি কৰাৰ আশ্বাস প্ৰদান কৰে স্থানীয় ৰাইজক ৷
ইফালে ৰহা সমষ্টিৰ চাংচকী, গাৰুখুন্দা আৰু বকুলগুৰি পঞ্চায়তৰ কপিলীৰ গৰাখহনীয়া অঞ্চল পৰিভ্ৰমণ কৰি শীঘ্ৰে গৰাখহনীয়া ৰোধৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰাৰ লগতে বিধায়ক গৰাকীয়ে ৰাইজৰ লগত সমষ্টিৰ অভাৱ অভিযোগৰ বিষয়ে বুজ লয় ৷