নিউজ ডেস্কঃ ৰাহুল গান্ধীয় সাংসদ পদ খাৰিজ হোৱাৰ পিছৰে পৰা এতিয়া দেশজুৰি সৃষ্টি হৈছে বিভিন্ন প্ৰতিক্ৰিয়া।
আজি অসমৰ লগতে সমগ্ৰ দেশজুৰি ৰাহুল গান্ধীৰ সমৰ্থনত বিভিন্ন স্থানত কংগ্ৰেছ বিধায়কে উত্তাল প্ৰতিবাদ কৰা দেখা গৈছে।
তেনে সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে।
তেওঁ কয় যে, ‘‘ৰাহুল গান্ধীয়ে ক্ষমা বিচাৰিব লাগিছিল। ৪ বছৰে ভুলৰ কথা স্বীকাৰ নকৰিলে ৰাহুল গান্ধীয়ে”।
লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “আদালতে লোৱা সিদ্ধান্তক আমি সমৰ্থন কৰিছোঁ। ভুল কৰিলে শাস্তি পাবই। কোনো সম্প্ৰদায়ক লৈ আপত্তিজনক মন্তব্য কৰাটো অনুচিত। এটা সম্প্ৰদায়ক অপমানৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে।’’
উল্লেখযোগ্য যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা ‘মোডী উপাধি’ সম্পৰ্কীয় মন্তব্যৰ বাবে ২৩ মাৰ্চত অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বাবে লোকসভাৰ সদস্য (এমপি) পদ খাৰিজ কৰা হৈছে।
লগতে পঢ়ক – ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ কেজৰিৱাল, মমতা, অখিলেশৰ প্ৰতিক্ৰিয়া