নিউজ ডেস্কঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক শুকুৰবাৰে লোকসভাৰ সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হৈছিল।

ঘোষণাৰ পাছতে ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলক লৈ দেশত সৃষ্টি হৈছে উত্তপ্ত পৰিস্তিতি।

আজি ৰাতিপুৱা কংগ্ৰেছ নেতাসকলে কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলৰ সৈতে ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে ক’লা কাপোৰ পিন্ধি এক সমদল উলিয়াই।

কংগ্ৰেছ নেতাসকলে বিধায়ক হোষ্টেল চৌহদৰ পৰা অসম সচিবালয়ৰ ফালে প্ৰতিবাদ কৰি আগবাঢ়িছিল।

কিন্তু দিছপুৰ ছুপাৰমাৰ্কেট অঞ্চলৰ মন্ত্ৰী ক’লনিৰ ওচৰত আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে।

লগতে, আৰক্ষীয়ে সচিবালয় অভিমুখে যাত্ৰা কৰি থকা অৱস্থাত বিধায়ক আৰু সমৰ্থককো আটক কৰে।

লগতে পঢ়ক – ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ কেজৰিৱাল, মমতা, অখিলেশৰ প্ৰতিক্ৰিয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply