ৰঙিয়া : ৰঙিয়াৰ মহকুমাধিপতি ৰাহুল জাবিৰ সুৰেশে সোমবাৰে মহকুমাটোৰ বিভিন্ন চৰকাৰী বিভাগৰ কাম-কাজসমূহৰ পৰ্যালোচনা কৰে। মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত মহকুমাটোৰ বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকি নিজ নিজ বিভাগৰ অধীনত ৰূপায়িত আঁচনি, কাৰ্যসূচী আদিৰ সবিশেষ অৱগত কৰে। মহকুমাটোত জল জীৱন মিশ্যনৰ কাম-কাজৰ বুজ লৈ মহকুমাধিপতি গৰাকীয়ে অভিলাষী আঁচনিখনৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে কাম-কাজ ক্ষীপ্ৰতৰ কৰি তুলিবলৈ ৰূপায়ণকাৰী বিভাগটোক নিৰ্দেশ দিয়ে।

তেওঁ লগতে স্বাস্থ্যকেন্দ্ৰ, অংগনৱাড়ী কেন্দ্ৰ আদি চৰকাৰী প্ৰতিষ্ঠানসমূহতো অগ্ৰাধিকাৰভিত্তিত খোৱাপানীৰ সংযোগ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে। আঁচনিৰ কাম-কাজৰ উপযুক্ত নিৰীক্ষণৰ ওপৰতো তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। আনহাতে শেহতীয়া বানৰ ক্ষয়-ক্ষতিৰ পৰ্যালোচনাৰ লগতে জলসম্পদ বিভাগৰ অধীনত ৰূপায়িত আঁচনিসমূহৰো তেওঁ বুজ লয়। লোক-নিৰ্মাণ (গৃহ) বিভাগৰ অধীনত মহকুমাটোত নিৰ্মাণকাৰ্য চলি থকা চৰকাৰী ভৱনসমূহৰ কাম-কাজ খৰতকীয়া কৰি তুলিবলৈ তেওঁ নিৰ্দেশ দিয়ে।

বৈঠকত মহকুমাধিপতি গৰাকীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জলসিঞ্চন, উদ্যোগ আৰু বাণিজ্য, ভূমি সংৰক্ষণ, মীন, আৱকাৰী আদি বিভাগৰো কাম-কাজৰ খতিয়ান লয়। কৃষি বিভাগৰ অধীনত মহকুমাটোত ধান ক্ৰয়ৰ শেহতীয়া স্থিতি, হস্ততাঁত আৰু বস্ত্ৰ বিভাগে হাতত লোৱা আঁচনি আদিৰো তেওঁ বুজ লয়। পশুপালন আৰু পশুচিকিৎসা বিভাগক স্থানীয় উন্নয়ন খণ্ড আৰু পঞ্চায়তসমূহৰ সহযোগত নিয়মীয়াকৈ পশুধন স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। তেওঁ লগতে উন্নয়ন খণ্ডসমূহৰ সহযোগত পশুধনৰ বাবে ঘাঁহৰ খেতি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিবলৈও বিভাগটোক নিৰ্দেশ দিয়ে।মহকুমাটোৰ অধীনৰ খণ্ড উন্নয়ন বিষয়াসকল, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকল আৰু শিশু উন্নয়ন প্ৰকল্প বিষয়াসকলৰ পৰাও মহকুমাধিপতিগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ কাম-কাজসমূহৰ বুজ লয়।

লগতে পঢ়ক –  নলবাৰীত ভয়ংকৰ পথ দুর্ঘটনাত নিহত এজন

বৈঠকত মহকুমাধিপতি ৰাহুল জাবিৰ সুৰেশৰ লগতে সদ্যসমাপ্ত গুণোসৱত বহিঃমূল্যায়কৰ দায়িত্ব লাভ কৰা বিষয়াসকলে নিজ নিজ অভিজ্ঞতা ব্যক্ত কৰে আৰু মহকুমাটোৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষণ-শিকনৰ মান উন্নীতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকলক আহ্বান জনায়। ৰঙিয়া মহকুমাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়তে অহা ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিবলৈ পৰ্যালোচনা বৈঠকত মহকুমাধিপতি গৰাকীয়ে আহ্বান জনায়। সেইদৰে অহা ২১ জুনত উদযাপিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,333 other subscribers

Leave a comment

Leave a Reply Cancel reply