লখিমপুৰৰ পৰা পল্লব মিলি: লখিমপুৰ জিলাৰ বগীনদী উন্নয়নখণ্ডৰ অন্তৰ্গত ভীমপৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভীমপৰা টেঙাখাতত এগৰাকী তিনিটা সন্তানৰ মাতৃৰ অশ্লীল্ল ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।
এই অশ্লীল্ল ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অভিযোগ জীতেন নৰহ নামৰ এজন বৰ্তমান অৰুণাচল প্ৰদেশত কাম কৰি থকা বিবাহিত লোকৰ বিৰুদ্ধে।
দুয়োৰে মাজত পৰকীয়া প্ৰেম থকাৰ অভিযোগ একাংশ গাঁওবাসীৰ। গাঁওবাসীৰ অভিযোগ মতে, ভিডিঅ’কলিং কৰি থকা অৱস্থাত এই ফটোখন সংগ্ৰহ কৰি এতিয়া মহিলা গৰাকীক ব্লেক মেইল কৰি বোৱাৰী গৰাকীৰ ফটো সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে জীতেন নৰহে ।
এই বিষয় লৈ গাওঁ খনৰ নামঘৰৰ প্ৰাংগনত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় । ৰাইজমেলত তীব্ৰ উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় । দুটা পক্ষৰ মাজত মাৰপিটৰ ঘটনাও সংঘটিত হয় । ৰাইজে বিষয়টো সমাধান কৰিব নোৱাৰি আৰক্ষী প্ৰশাসনৰ ওচৰত দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।
মহিলা গৰাকীয়ে জানিবলৈ দিয়া মতে জীতেন নৰহ নামৰ লোক জনৰ লোকজনৰ সৈতে তেওৰ প্ৰেমৰ সম্পৰ্ক আছিল । ৰাইজে চুক্তি কৰাৰ পিছত সেই সম্পৰ্ক শেষ হৈছিল। কিন্তু নৰহে তেওক বিভিন্ন অজুহাত দেখুৱাই ব্লেকমেইল কৰি আহিছিল।
ফটোখন নৰহেই বনাই লৈছে বুলি মহিলা গৰাকীয়ে কয়। দহ বছৰমান আগতেই বিবাহপাশত আবদ্ধ হোৱা জীতেন নৰহ সন্তানহীন বুলিও মহিলাগৰাকীয়ে জানিবলৈ দি তেওক বিয়া কৰাবৰ বাবে বিভিন্ন ধৰনে হেঁচা দি আহিছে। এতিয়া এই ঘটনাটোক লৈ আৰক্ষী থানাত গোচৰ তৰিব বুলি কয়।