অধ্যয়নৰ প্ৰতি ধাউতি আৰু একাগ্ৰতা থাকিলে একো বিষয়েই সমস্যাৰ কাৰক হৈ পৰিব নোৱাৰে তাকেই প্ৰমানিত কৰিলে ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাই।
ডক্টৰেট ডিগ্ৰী লাভ কৰিলে জ্ঞানশ্ৰী বৰাই। ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰা সক্ৰিয় ৰাজনীতিৰ সমান্তৰালভাৱে ব্যস্ত অধ্যয়নটো। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা খবৰে বহুজনকে উৎসাহিত কৰিছে।
জ্ঞানশ্ৰীয়ে “Synthesis of some phenolic schiff bases and study of their Applications” শীৰ্ষক গৱেষণাৰ বাবে ৰসায়ন বিজ্ঞানৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।
তেও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়নবিজ্ঞান বিভাগৰ প্ৰাধ্যাপক আৰু বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ হিৰণ্য চন্দ্ৰ ভূঞা , বিজ্ঞান আৰু প্ৰায়োগিকী সত্ৰৰ সঞ্চালক ড° জ্যোতিৰেখা জি সন্দিকৈৰ তত্বাবধানত গবেষণা সম্পূৰ্ণ কৰে।
জ্ঞানশ্ৰী গোলাঘাট জিলাৰ ঢেকিয়াল কুমাৰ গাৱৰ নিৱাসী উমেশ্বৰ বৰা আৰু চিনাতলী উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰমিলা বৰাৰ একমাত্ৰ কন্যা।
লগতে পঢ়ক- আলফা(স্বা)ত যোগদানৰ বাবে যোৱা তিনি যুৱকক আটক