নিউজ ডেস্কঃ ”এইবাৰৰ বানক কেন্দ্ৰৰ গুৰুতৰ প্ৰাকৃতিক দুৰ্যোগ ঘোষণা। বানক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ দাবী আৱেগিক।”- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰাৰ পাছত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে সংবাদমেলযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
অখিল গগৈয়ে কয়- ”অসমৰ মুখ্যমন্ত্ৰীজনে অসমৰ জনতাক আভুৱাভাৰাৰ চেষ্টা কৰিছে। অসমৰ মুখ্যমন্ত্ৰীজন এজন আত্মসমৰ্পণকাৰী। সেই কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেওঁ প্ৰকৃত সৎ দাবী উত্থাপনৰ বাবে তেওঁৰ সৎ সাহস নাই। তেখেতে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ৰূপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিবলৈ ভয় কৰে। কিজানিবা তেখেতৰ গাদীখন গুচি যায়।”
লগতে সংবাদমেলত বিধায়ক গগৈয়ে কয় যে- ”সেই কাৰণে তেখেতে অসমৰ মানুহক বিপথে পৰিচালনা কৰিবলৈ, অসমৰ মানুহক টুপী পিন্ধাবলৈ অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হ’লে এটকাও নাপাব বুলি তেওঁ ঘোষণা কৰিছে। তেওঁ কৈছে যে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাতো হেনো এটা আৱেগিক দাবী। আমি ইয়াক নিন্দা কৰিছো। আৰু মুখ্যমন্ত্ৰীজনে এনেকুৱা অৰ্থহীন, আত্মসমৰ্পণকাৰী বাক্যক আমি ঘৃণা কৰিছো।”
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংবাদমেলযোগে প্ৰশ্ন কৰি অখিল গগৈয়ে কয়- ”বাংলাদেশৰ পৰা হিন্দু বাংলাদেশীক আনিবলৈ নাগৰিকত্ব আইন যদি সংশোধন কৰিব পাৰে, তেনেহ’লে ভাৰত চৰকাৰে কিয় অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ ডিজেষ্টাৰ মেনেজমেন্ট এক্টখন সংশোধন কৰিব নোৱাৰে। আমি ৰাইজৰ দলে দাবী উত্থাপন কৰিছো যে ডিজেষ্টাৰ মেনেজমেন্ট এক্ট সংশোধন কৰি অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা হওঁক। এইটো কথা সত্য যে- বৰ্তমানৰ আইন অনুসৰি, বিধি অনুসৰি বা মেনুৱেল অনুসৰি অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নোৱাৰি, কিন্তু ঘোষণা কৰাৰ ব্যৱস্থা আছে। কি ব্যৱস্থা আছে, যে ডিজেষ্টাৰ মেনেজমেন্ট এক্টখন সংশোধন কৰি কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব পাৰে।”