নিউজ ডেস্ক- আগন্তুক বিধানসভাৰ নিৰ্বাচন চিলিণ্ডাৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অখিল গগৈয়ে।
আজি শিৱসাগৰ নিৰ্বাচনী বিষয়াৰ পৰা ৰাইজৰ দলৰ হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে অখিল গগৈৰ নিৰ্বাচনী প্ৰতীক চিহ্ন সংগ্ৰহ কৰে।
আজি শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াই ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ নিৰ্বাচনী প্ৰতীক চিহ্ন প্ৰদান কৰে।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাইজৰ দলৰ প্ৰাৰ্থীসকলৰ বাবে এই প্ৰতীক দিয়া হৈছে।
নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দল নিৰ্বাচন আয়োগৰ পৰা পঞ্জীয়ন নোহোৱাৰ বাবে ৰাইজৰ দলৰ সকলো প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব।