প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী : ৰাজ্যজুৰি ৰঙৰ উৎসৱ ফাকুৱাৰ উলহ মালহ পৰিৱেশৰ মাজতে মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ দুর্ঘটনা। মহানগৰীত ৰে’লৰ খুন্দাত নিহত হৈছে এগৰাকী মাতৃসহ দুই সন্তান।

মহানগৰীৰ কামাখ্যা গে’টত ৰে’লৰ খুন্দাত নিহত হৈছে এগৰাকী মাতৃসহ দুই সন্তান। কামাখ্যা গেটত দুই সন্তানসহ ৰে’ল লাইন পাৰ কৰি থকা সময়তে মহিলা গৰাকীক ৰে’লে খুন্দা মৰাত থিতাতে নিহত হয় মহিলা গৰাকীৰ লগতে দুই সন্তান।

মহিলা গৰাকীৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ৰে’লৰ খুন্দাত নিহত মহিলা গৰাকীৰ দুই সন্তানৰ এটাৰ বয়স ৩ মাহ আৰু আনটোৰ ৬ বছৰ বুলি অনুমান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply