নিউজ ডেস্ক : শীঘ্ৰে অসম আৰু বাংলাদেশৰ মাজত বাছ আৰু ৰে’ল সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। বৰাক উপত্যকা আৰু বাংলাদেশৰ সিলেট জিলাৰ মাজৰ এই সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সেউজ সংকেটৰ বাবে অপেক্ষা কৰি আছে অসম চৰকাৰে।
উল্লেখযোগ্য যে শিলচৰ আৰু বাংলাদেশৰ সিলেট জিলাৰ মাজৰ দূৰত্ব মাত্ৰ ১১১ কিলোমিটাৰ। দুয়োটা স্থানৰ মাজত বাছ চলাচল আৰম্ভ কৰাৰ কথা চলি আহিছে যদিও বিগত সময়ছোৱাত বিষয়টোৱে বিশেষ অগ্ৰগতি লাভ কৰা নাই।
তদুপৰি ৰাজ্য চৰকাৰে বৰ্তমান অচল অৱস্থাত থকা কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ মহিষাসন পইণ্টৰ মাজেৰে যোৱা ৰে’লৱে পৰিবহণ ব্যৱস্থা পুনৰ আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে।
কৰিমগঞ্জ জিলাৰ মহিষাসন ৰে’লৱে ষ্টেশ্যন আৰু বাংলাদেশৰ সিলেট জিলাৰ শ্বাহবাজপুৰ ৰ’লৱে ষ্টেশ্যনৰ মাজৰ দূৰত্ব ১১ কিঃমিঃ, যাত্ৰীৰ অভাৱৰ বাবে ১৯৯৬ চনৰ ডিচেম্বৰৰ পৰা উক্ত ৰে’ল পথটো বন্ধ হৈ আছে।
লগতে পঢ়ক – লোককৃষ্টিৰ সাধক খগেন গগৈলৈ এই বৰ্ষৰ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা প্ৰদান