যোৰহাট : যোৰহাটত ভয়ংকৰ দুর্ঘটনা সংঘটিত হৈছে। যোৰহাটত ৰে’লে মহতিয়াই নিলে এখন ট্ৰাক। ৰে’লে মহতিয়াই নিয়া ট্ৰাকখন মাজেৰে দুটুকুৰা হয়।
যোৰহাটৰ মৰিয়নীৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা ইন্টাৰচিটি এক্সপ্ৰেছ ৰে’লে মহতিয়াই নিলে এখন ট্ৰাক। যোৰহাটৰ ৰজাবাৰীত সংঘটিত হয় এই দুর্ঘটনা। ৰে’লে মহতিয়াই নিয়া ট্ৰাকখনৰ মাজৰ পৰা দুটুকুৰা হয়।
লগতে পঢ়ক : দেওবাৰে অসমত ক’ভিডত আক্রান্ত ১৩৪ জন
জানিব পৰা মতে ট্ৰাকখন ৰে’ল লাইনৰ কাষতে বিকল হৈ পৰাত ৰখাই থোৱা আছিল। ফলত ৰে’লে ট্ৰাকখন মহতিয়াই নিয়ে। অৱশ্যে ট্ৰাকখনত কোনো লোকে নাছিল।