লখিমপুৰ: গুৱাহাটী-মুৰ্কংছেলেক যাত্ৰীবাহী ৰেলত নাই যাত্ৰীৰ সুৰক্ষা। বৃহস্পতিবাৰে নিশা লখিমপুৰৰ পৰা গুৱাহাটীলৈ নিবনুৱা সন্থাৰ এটি দল কেন্দ্ৰীয় সভাৰ বাবে গুৱাহাটী মুৰ্কংছেলেক ৰেলেৰে যাত্ৰা কৰা সময়ত এক ঘটনা সংঘটিত হয় ।
উক্ত ৰেলখনত টিকট বিহীন উদণ্ড দুই যুৱকে বহা শাসনক কেন্দ্ৰ কৰি নিবনুৱা সন্থাৰ দলটিত থকা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ফজলুৰ ৰহমানক প্ৰহাৰ কৰি গুৰুতৰ আঘাত কৰে ।
পৰবৰ্তী সময়ত ৰেলৱে নিৰাপত্তাৰক্ষীক খবৰ দিয়াত দুই যুৱকক আটক কৰে নিৰাপত্তাৰক্ষীয়ে ।
ঘটনা সংঘটিত কৰা দুই যুৱক ক্ৰমে ধেমাজীৰ বৰবাম দিহিঙীয়া গাৱঁৰ কুকিল গগৈ আৰু নৱপ্ৰতিম গগৈ বুলি জানিব পৰা গৈছে ।
এই ঘটনাই ৰেলখনৰ যাত্ৰীৰ নিৰাপত্তাৰ দিশটো উন্মোচিত কৰিছে। গুৱাহাটী মুৰ্কংছেলেক ৰেলখনত যাত্ৰীৰ নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰত ৰেল বিভাগে গুৰুত্ব নিদিয়াৰ ফলতেই এই ঘটনা সংঘটিত হয় ।