গুৱাহাটী : উৎকোচৰ আগধন লৈ হাতে লোটে ধৰা পৰিল উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ বিষয়া ৰঞ্জিত কুমাৰ বৰা। ২.৫০ কোটি টকা উৎকোচ বিচাৰি গ্ৰেপ্তাৰ ৰে’লৱে ৰ জ্যেষ্ঠ অভিযন্তা। ৫০ লাখ টকাৰ আগধন লওতেই হাতে-লোটে ধৰা পৰে ৰঞ্জিত বৰা।

উৎকোচৰ আগধন লৈ হাতে লোটে ধৰা পৰিল উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ বিষয়া ৰঞ্জিত কুমাৰ বৰা। ২.৫০কোটি টকা উৎকোচ বিচাৰিছিল ৰঞ্জিত কুমাৰ বৰাই। সেই টকাৰেই ৫০ লাখ টকা আগধন হিচাপে লওতেই হাতে লোটে চিবিআইয়ে গ্ৰেপ্তাৰ কৰে ৰঞ্জিত কুমাৰ বৰাক।

বিদ্যুৎ বিভাগৰ এজন বিষয়াৰ পৰা কাম দিয়াৰ নামত এটা প্ৰতিষ্ঠানৰ পৰা ধন বিচাৰিছিল ৰঞ্জিত কুমাৰ বৰাই। চিবিআইয়ে ৰঞ্জিত কুমাৰ বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে যি প্ৰতিষ্ঠানৰ পৰা টকা লৈছিল সেই প্ৰতিষ্ঠানৰো সদস্যক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক  : মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাঃনিহত ৩জন

মালিগাঁৱৰ উত্তৰ পূব সীমান্ত ৰে’লৰ কাৰ্যলয়ত উৎকোচ লৈছিল ৰঞ্জিত কুমাৰ বৰাই। মালিগাঁওস্থিত কাৰ্যালয়ৰ লগতে হেঙৰাবাৰীৰ উৎসৱ কাননত থকা বিলাসী এপাৰ্টমেণ্টতো চিবিআইয়ে অভিযান চলায়। উৎসৱ কাননত অভিযান চলাওঁতে ধৰা পৰে অগাধ সম্পত্তিৰ গৰাকী ৰঞ্জিত বৰা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply