গুৱাহাটীঃ ভাৰতীয় ৰে’লবিভাগে উত্তৰ-পূবৰ বানপীড়িত অঞ্চলসমূহলৈ সকলো ধৰণৰ সাহায্য সামগ্ৰী বিনামূলীয়াকৈ পৰিবহন কৰাৰ সিদ্ধান্ত লৈছে। দেশৰ যিকোনো প্ৰান্তৰ পৰা উত্তৰ-পূবৰ যিকোনো অঞ্চললৈ সাহায্য সামগ্ৰী পৰিবহনৰ বাবে সকলো ধৰণৰ মালবাহী মাচুল ৰেহাই দিয়া হৈছে। বিনামূলীয়া পৰিবহনৰ এই ব্যৱস্থা পাৰ্চেল ভেন/দ্বিতীয় শ্ৰেণী, লাগেজ-কাম-গাৰ্ড ভেন আৰু মালবাহী ৰেলৰ দ্বাৰা পৰিবহনকৰা সাহায্য সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। লগতে সাহায্য সামগ্ৰী পৰিবহনৰ বাবে ডিমুৰেজ/ৱাৰ্ফেজ আদিৰ দৰে কোনো আনুষঙ্গিক মাচুল লোৱা নহ’ব।

সমগ্ৰ দেশৰ চৰকাৰী সংগঠনসমূহে উত্তৰ-পূবৰ বানপীড়িত অঞ্চলসমূহলৈ বিনামূলীয়াকৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব পাৰে। ইয়াৰ উপৰিও, সংশ্লিষ্ট বিভাগীয় ৰে’ল প্ৰৱন্ধকৰ দ্বাৰা সঠিক অনুমোদন কৰাৰ পিছত অন্যান্য বেচৰকাৰী সংগঠনসমূহেও এই সুবিধা লাভ কৰিব পাৰে। বিভাগীয় ৰে’ল প্ৰৱন্ধকসকলক উত্তৰ-পূব অভিমুখী বিভিন্ন ৰে’লত অতিৰিক্ত ডবা সংলগ্ন কৰাকে ধৰি যিকোনো অতিৰিক্ত সুবিধাৰ ওপৰত সিদ্ধান্ত লোৱাৰ ক্ষমতা দিয়া হৈছে। ভাৰতীয় ৰে’ল বিভাগৰ এই পদক্ষেপ বানপীড়িত অঞ্চলসমূহৰ বাবে এক ডাঙৰ সহায় কিয়নো বিনামূলীয়া পৰিবহনৰ বাবে অধিক সংখ্যক সাহায্য প্ৰদান কৰাত সহায়ক হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply