নিউজ ডেস্ক : আমাৰ সকলোৰে প্ৰিয় বাৰিষা ঋতুৰ এক সুকীয়া মাদকতা আছে, আছে এক সুকীয়া আমেজ। বৰষুণৰ বতৰত ধোঁৱা ওলাই থকা একাপ চাহৰ সৈতে গৰম গৰম চিঙৰা, পকৰি, চপ আদি ভজা বস্তু বিলাক খাবলৈ আমি সকলোৱে নিশ্চয় ভাল পাম।

পিছতে ক’ভিড মহামাৰীৰ ফলত বাহিৰত খাবলৈ যোৱা এতিয়া আগৰ দৰে সুৰক্ষিত নহয়। গতিকে আপোনালোকৰ বাবে আমি ঘৰতে বনাব পৰা কেইবিধমান ‘চটপটা’ ৰেচিপি লৈ আনিছো।

আলু টিক্কি

আলু খাই ভালপোৱা সকলোৰ বাবে আলু টিক্কি এটা প্ৰিয় লঘু খাদ্য। খাবলৈ খুব সোৱাদ লগা এইবিধ ব্যঞ্জন আলু পিটিকাৰ সৈতে পিয়াঁজ, আদা, নহৰু, চাট মচলা, চানা দাইল, কেঁচা জলকীয়া আদি ভালদৰে মিহলাই তেলত ভাজি তৈয়াৰ কৰা হয়।

মাকৈ মচালা

বৰষুণৰ দিনত মাকৈ মচালা খাবলৈ খুব ভাল হয়। ইয়াৰ বাবে বাটাৰত বিলাহী, পিয়াঁজ, নহৰু, আদা আৰু সিদ্ধ কৰা মাকৈখিনি ভাজিব লওক, জোখমতে নিমখ আৰু জালুকৰ গুড়ি অলপ ছটিয়াই দিয়ক। শেষত অলপ নেমু চেপি ল’লে খাবলৈ আৰু বেছি সোৱাদ হয়।

কেঁচা জলকীয়াৰ পকৰি

ডাঙৰ আকাৰৰ সতেজ কেঁচা জলকীয়াৰ ভিতৰত আলু পিটিকা ভৰাই তাক বেচনত সানি ভাজি লওক। ইয়াক ধনিয়াৰ জ্বলা চাটনিৰ সৈতে খাবলৈ খুব ভাল হয়।

ব্ৰেড পকৰি

ব্ৰডৰ টুকুৰা বিলাক ত্ৰিভুজৰ দৰে কাটি লৈ তাক বেচনত ডুবাই দিপ-ফ্ৰাই কৰি লওক। তদুপৰি, এনে দুটুৰা ব্ৰেডৰ মাজত পনীৰ বা আলু পিটিকা ভৰাই লৈ দিপ-ফ্ৰাই কৰি খাব পাৰে। একাপ গৰম চাহৰ সৈতে ইয়াৰ খাবলৈ খুব ভাল হয়।

লগতে পঢ়ক : অলিম্পিকৰ বাবে পূৰ্ণ প্ৰস্তুতিত ব্যস্ত মণিপুৰৰ জুডোকা সুশীলা দেৱী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply