নিউজ ডেস্কঃ অসমীয়া চলচ্চিত্ৰৰ বিশিষ্ট সংগীত পৰিচালক ৰাজেশ্বৰ বৰদলৈৰ দেহাৱসান। শুকুৰবাৰে দুপৰীয়া ২বাজি ৩০ মিনিটত বজাত মহানগৰীৰ ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হস্পিতালত তেওঁৰ মৃত্যু হয়।
কেইবাদিন ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল চিকিৎসালয়খনত। অসমীয়া চলচ্চিত্ৰৰ জগতত ৰাজেশ্বৰ বৰদলৈৰ যথেষ্ট বৰদান আছিল।
১৯৩৪ চনত জন্মগ্ৰহণ কৰা বৰদলৈয়ে বহুকেইখন অসমীয়া ছবিৰ সংগীত পৰিচালনা কৰিছিল । ১৯৫৮ চনত মুক্তিলাভ কৰা আনোৱাৰ হুছেইনৰ ‘নতুন পৃথিৱী’ নামৰ ছবিখনত মুকুল বৰুৱাৰ সৈতে যুটীয়াভাৱে সংগীত পৰিচালনা কৰা ৰাজেশ্বৰ বৰদলৈয়ে পিছলৈ ১৯৬৪ চনত মুক্তিপ্ৰাপ্ত ‘তেজীমলা’ ছবিখনত সংগীত পৰিচালনা কৰিছিল ।
অসম আন্দোলনৰ সময়ত ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত আনোৱাৰ হুছেইনৰে আন এখন জনপ্ৰিয় ছবি ‘শ্ৰী শ্ৰী মা কামাখ্যা’ৰো সংগীত পৰিচালনা কৰিছিল ৰাজেশ্বৰ বৰদলৈয়ে । ২০০৭ চনত মুক্তিলাভ কৰা শিৱপ্ৰসাদ ঠাকুৰ পৰিচালিত তথা লণ্ডনত চিত্ৰগ্ৰহণ হোৱা প্ৰথমখন অসমীয়া ছবি ‘অহিৰ ভৈৰৱ’তো সংগীত পৰিচালনা কৰিছিল ৰাজেশ্বৰ বৰদলৈয়ে । তদুপৰি গৌৰী বৰ্মনৰ মুক্তি নোপোৱা আন এখন ছবিতো সংগীত সংগীত পৰিচালনা কৰিছিল ।
এগৰাকী সুদক্ষ একৰডিয়ান আৰু পিয়ানো বাদক হিচাপেও সুনাম আছিল বৰদলৈৰ । বিশেষকৈ পশ্চিমীয়া সংগীতৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট দখল আছিল মৃত্যুৰ সময়ত ৰাজেশ্বৰ বৰদলৈৰ বয়স হৈছিল ৮৭ বছৰ ।