গুৱাহাটী : নৱগঠিত চৰকাৰখনৰ কেবিনেট মন্ত্ৰী তথা ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস সোমবাৰে পোনপ্ৰথমবাৰৰ বাবে ভিডিঅ’ কনফাৰেন্সযোগে ভাৰতীয় জনতা পাৰ্টিৰ নৱ-নিৰ্বাচিত বিধায়কসকলৰ সৈতে এক আলোচনাত মিলিত হয়৷ এই ভিডিঅ’ কনফাৰেন্সত প্ৰথমতে বিধায়সকলক আদৰণি জনোৱাৰ লগতে ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা এই দুৰ্যোগৰ সময়ছোৱাত সেৱাই সংগঠন মন্ত্ৰৰ আধাৰত তেখেতসকলৰ ভূমিকা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে৷

ইয়াৰোপৰি এই পৰিস্থিতিত তেখেতসকলৰ প্ৰত্যেকৰ নিজ নিজ কৰণীয় কামৰ দায়িত্ব অৰ্পণ কৰে মন্ত্ৰী গৰাকীয়ে৷ ক’ভিড পৰিস্থিতিত সেৱা আগবঢ়াবৰ বাবে বিজেপি দলে প্ৰস্তুত কৰি উলিওৱা আঠটা বিন্দু সন্দৰ্ভত তেখেতসকলক অৱগত কৰাৰ লগতে যোৱাবাৰৰ দৰেই এইবাৰো ৰাইজক সহায়-সহযোগ কৰিবৰ বাবে প্ৰতিজন বিধায়কক আহ্বান জনায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।

আৰু পঢ়কঃ ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে আক্ৰান্তৰ হাৰ; বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা

এই ভিডিঅ’ কনফাৰেন্সত মন্ত্ৰী গৰাকীৰ সৈতে ৰাজ্যিক তত্বাৱধায়ক বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা লগতে আন তিনিগৰাকী সাধাৰণ সম্পাদক তথা সাংসদ তপন গগৈ, ডাঃ ৰাজদ্বীপ ৰয় আৰু পল্লৱলোচন দাস উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply