গুৱাহাটী : ৰাজকন্যা বৰুৱাই গাড়ীৰে মহতিয়াই নিয়া যোছেফ মাৰাকৰ মৃত্যু। সুৰাৰ ৰাগীত মাতাল হৈ ৰাজকন্যা বৰুৱাই নিজৰ চাৰিচকীয়া বাহনেৰে মহতিয়াই নিছিল ৯ জনকৈ লোকক। ৰুক্মিণীগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ দুর্ঘটনা।
ৰাজকন্যা বৰুৱাই মহতিয়াই নিয়া যোছেফ মাৰাকৰ মৃত্যু। বুধবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে যোছেফ মাৰাকৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিগত এমাহ ধৰি চিকিৎসাধীন হৈ আছিল যোছেফ মাৰাক। ১ অক্টোবৰৰ নিশা দুর্ঘটনাস্থলীতে যোছেফ মাৰাকৰ এখন ভৰি ছিঙি পৰিছিল।
দুৰ্ঘটনাৰ পিছতে যোছেফ মাৰাকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু চিকিৎসাধীন অৱস্থাত যোছেফ মাৰাকৰ অন্য এখন ভৰি কাটি পেলাব লগীয়া হৈছিল। এই দুৰ্ঘটনাৰ যোছেফ মাৰাকৰ লগতে ৮ জনকৈ শ্ৰমিক আহত হৈছিল।
লগতে পঢ়ক : অভয়পুৰ সংৰক্ষিত বনাঞ্চলত আৰক্ষী-বন বিভাগৰ অভিযান, মাৰণাস্ত্ৰসহ ৬জনক আটক
ৰাজকন্যা বৰুৱা নামৰ এগৰাকী মডেলে ১ অক্টোবৰৰ নিশা বিলাসী তাজ ভিভান্তা হোটেলত পাৰ্টি কৰি সুৰাৰ ৰাগীত মাতাল লৈ ৰুক্মিণীগাঁৱত ৯ জনকৈ লোকক মহতিয়াই নিছিল। দুর্ঘটনা সংঘটিত কৰি ৰাজকন্যা বৰুৱাই ২৪ ঘণ্টাৰ ভিতৰৰ জামিন লাভ কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল।
যাৰ গাড়ীৰ আঘাতে মাজ নিশা পথত কাম কৰি থকা ৮ জনকৈ লোকৰ জীৱনলৈ নমাই আনিছিল অমানিশা। সেই ৰাজকন্যাক কাৰাগাৰলৈ পঠিয়ালেও আদালতলৈ ডেৰ পৃষ্ঠা জোৰা এক অভিযোগনামা প্ৰেৰণ কৰিয়েই আৰক্ষীয়ে গোচৰটোৰ ইতিমধ্যে সামৰণি মাৰিছে।
ৰাজ্যজুৰি হোৱা তুমুল পৰিপ্ৰেক্ষিতত হে দিছপুৰ আৰক্ষীয়ে মুকলি কৰি দিয়াৰ ২ দিন পিছত জি এন আৰ চিত চিকিৎসাধীন হোৱা অৱস্থাৰ পৰা ৰাজকন্যাক পুনৰ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াই। আনহাতে আৰক্ষীয়ে এৰি দিয়া অপৰাধী ৰাজকন্যাক চিকিৎসালয়ত ভৰ্তি কৰোৱা বিশিষ্ট চিকিৎসক ডাঃ নভনিল বৰুৱাক আৰক্ষীক ধাৰাবাহিকভাৱে জেৰা কৰি অৱশেষত পি আৰ বন্দত মুকলি কৰি দিয়ে যদিও ভিভাণ্টাৰ শীৰ্ষৰ পৰ্যায়ৰ বিষয়া অথবা বাৰ্থডে’ পাৰ্টিৰ আয়োজক পংকজ সাধনিদাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ল।