ৰাজকন্যা বৰুৱা

অসুস্থতাৰ দোহাই দি আৰক্ষীৰ সৈতে তদন্তত সহযোগিতা নকৰা GNRCৰ ICUত ভৰ্তি হৈ থকা ৰাজকন্যা বৰুৱাৰ GMCHৰ মেডিকেল বৰ্ডে কোনো অসুস্থতা নোপোৱা বুলি জনোৱাৰ পিছতেই পুনৰ GNRCত আৰক্ষীৰ দল উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে ৷

আৰক্ষীয়ে দিছপুৰ থানাত হাজিৰ হ’বলৈ জনোৱাৰ পিছত অসুস্থতাৰ দোহাই দি জিএনআৰচি হাস্পাতালৰ আই চি ইউত ভৰ্তি হৈ থাকি মাকৰ দ্বাৰা দুসপ্তাহৰ বাবে আহিব নোৱাৰিব বুলি জনাইছিল । সেই সময়তে আৰক্ষীয়ে ৰাজকন্যা বৰুৱা অসুস্থ হয় নে নহয় তাৰ পৰীক্ষা কৰিবলৈ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ মেডিকেল বৰ্ডত জনাইছিল ।

চিকিৎসক পুৰুজিত চৌধুৰীৰ অধ্যক্ষতাত গঠিত ৬ জনীয়া মেডিকেল বৰ্ডে আজি জি এন আৰ চি হাস্পাতালত উপস্থিত হৈ ৰাজ্যকন্যা বৰুৱাৰ অসুস্থতাৰ সম্পৰ্কে পৰীক্ষা কৰি তেও কোনো অসুস্থতাৰ সমস্যা নাই বুলি প্ৰতিবেদন দিয়ে । বৰ্ডৰ আন সদস্যসকল আছিল উৎপল বৰা, আছমান আলি, আৰ পি দাস,উৎপল জ্যোতি দাস আৰু শংকৰ চৌধুৰী ।

ৰাজপথত সুৰাপান কৰি গাড়ী চলাই ৮ জনকৈ লোকক আহত কৰা গোচৰত অভিযুক্ত ৰাজকন্যা বৰুৱা জি এন আৰ চিত চিকিৎসাধীন হৈ আছিল । আজি মেডিকেল বৰ্ডৰ ৰিপ’ৰ্ট পোৱাৰ পিছতেই ৰাজ কন্যাক পানবজাৰ মহিলী আৰক্ষী থানাৰ ভনিতা নাথ আহি গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক- আলফা (স্বা)ত যোগদান কৰিবলৈ আহি সোণাৰিত আটক এজন

সুৰাসক্ত মডেল ৰাজকন্যাৰ বিৰুদ্ধে ৩০৮/৩২৬ ধাৰা ৰুজু কৰা হৈছে।এই নতুন ধাৰা অনুসৰি সাত বছৰ পৰ্যন্ত জেইল হ’ব পাৰে ৰাজকন্যাৰ।মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পাছত এতিয়া ৰাজকন্যাৰ বিৰুদ্ধে তৎপৰ হ’বলৈ বাধ্য হৈছে মহানগৰ আৰক্ষী।

গ্ৰেপ্তাৰ কৰি দিছপুৰ থানালৈ নিয়া ৰাজকন্যাক সোধাপোছাৰ বাবে মহানগৰ আৰক্ষী আয়ুক্ত আহি দিছপুৰ থানাত উপস্থিত হৈছে ।

৮জনকৈ লোকক গাড়ীৰে খুন্দিয়াই তিলমানো অনুশোচনা নহা ৰাজকন্যাই নাটক কৰি সোমাই আছিল GNRC ৰ চেমি আইচিইউত। চৌদিশে তীব্ৰ ককৰ্থনাৰ সন্মুখীন হোৱা পুলিচে এইবাৰ তৎপৰতা দেখুৱাইছে, জিএমচিএইছৰ মেডিকেল বৰ্ডৰ ৰিপোৰ্টৰ পিছত আনকি গ্ৰেপ্তাৰ কৰোতে মডেলক হস্পিতেলৰ কাপোৰ সাজো সলাবলৈ নিদিলে পুলিচে।

মেডিকেল বৰ্ডৰ প্ৰতিবেদন মতে কোনো ধৰনৰ আঘাতপ্ৰাপ্ত নোহোৱা ৰাজকন্যা বৰুৱাক জি এনআৰচিৰ কোন গৰাকী চিকিৎসকে ছেমি আইচিইউত ভৰ্তি কৰি গুৰুত্বৰ আঘাতপ্ৰাপ্তৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল অথবা ব্যক্তিগত খন্ডৰ চিকিৎসালয় খনে ব্যবস্থা কৰিছিল সিও তদন্তৰ আওতাত আহিব নে নাই সি বিচাৰ্য্যৰ বিষয় |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,330 other subscribers

Leave a comment

Leave a Reply