ৰাজকন্যা বৰুৱাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
জামিন আৱেদন নাকচ চিজেএম আদালতৰ, বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাৰ জামিন আবেদন নাকচ ন্যায়ালয়ৰ।
এদিনৰ বাবে বিতৰ্কিত মডেল গৰাকীক প্ৰেৰণ কৰিলে আৰক্ষীৰ জিম্মালৈ।
ৰুক্মীণিগাঁৱত নিশা সুৰামত্ত অৱস্থাত গাড়ী চলাই ৰাজকন্যাই সংঘটিত কৰিছিল দুৰ্ঘটনা।
দুৰ্ঘটনাৰ ফলত আহত হৈছিল ৯ জন শ্ৰমিক।
এজন শ্ৰমিকে হেৰুৱাইছিল দুয়োখন ভৰি।ইফালে বিতৰ্কিত মডেল গৰাকীক আই চি ইউত ৰাখি থোৱাৰ বাবে জি এন আৰ চি হাস্পাতালৰ ওপৰত ব্যৱস্থা লোৱাৰ ইংগিত আৰক্ষীৰ।
বিতৰ্কিত ডেল গৰাকীক সুৰক্ষা প্ৰদান কৰা জি এন আৰ চিৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰক্ষীয়ে।
ৰাজকন্যা বৰুৱাৰ চালকৰ অনুজ্ঞাপত্ৰ পৰিবহন বিভাগক জব্দ কৰি বাতিল কৰাৰ নিৰ্দেশ ।
লগতে পঢ়ক- ফৰেনচিক বিজ্ঞান সঞ্চালকালয়, অসমৰ ৪০ টা পদত নিযুক্তি
আৰক্ষীয়ে ৰাজকন্যাক ৫ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে এদিনৰ বাবেহে আৰক্ষীৰ জিম্মাত দিয়ে।
যোৱা নিশা দিছপুৰ থানাত ৰখা হৈছিল ৰাজকন্যাক।