ৰাজকন্যা বৰুৱা

ৰাজকন্যা বৰুৱাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।আৰক্ষীয়ে ৰাজকন্যাক পুনৰ জিম্মাত নিবিচৰাৰ বাবেই তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। আজি দিনৰ দুই বজাতে গুৱাহাটীৰ চিজেএম কোৰ্টত হাজিৰ কৰোৱা হয় মডেল ৰাজকন্যা বৰুৱাক।CJM আদালতে নাকচ কৰিলে ৰাজকন্যাৰ জামিন আবেদন। ৰাজকন্যাক সাধাৰণ কয়দীৰ দৰে সুবিধা দিবলৈ নিৰ্দেশ আদালতৰ।

১ অক্টোবৰৰ নিশা মডেল ৰাজকন্যা বৰুৱাই দিছপুৰত সংঘটিত কৰা দুৰ্ঘটনাত দুয়োখন ভৰি কটা গ’ল এজন লোকৰ৷ যোচেফ নামৰ লোকজনৰ চিকিৎসকে কাটিব লগা হ’ল বাওঁ ভৰিখন৷ দুৰ্ঘটনাটোত সোঁভৰিখন চিঙি পথত পৰি ৰৈছিল৷ৰেইনড্ৰ’প নামৰ এনজিঅ’টোৱে দুয়োখন ভৰি হেৰুওৱা দুৰ্ভগীয়া শ্ৰমিক যোছেফক আগবঢ়াব কৃত্ৰিম ভৰি৷

লগতে পঢ়ক- আদানী গোষ্ঠীৰ হাতত গতাই দিয়া হ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

জি এন আৰ চি হাস্পাতালে ৰাজকন্যা বৰুৱাক অসুস্থ হোৱাৰ অজুহাতত আইচিইউত থোৱা বিষয়টোক লৈ তদন্তকাৰী দিছপুৰ থানাত পুৱাবেলাতেই উপস্থিত জি এন আৰ চিৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নভনীল বৰুৱা।জি এন আৰ চি হাস্পতালৰ অধীক্ষক সুব্ৰত ভাগৱতীও থানাত উপস্থিত হয়।

চিকিৎসক নভনীল বৰুৱাই সাংবাদিকৰ আগত পুৱা কয়,”মই কাকো নিৰাপত্তা দিয়া নাই।মই একো ভুল কৰা নাই।ৰাজকন্যাৰ সৈতে পূৰ্বে মোৰ কোনো চিনাকি নাছিল।আনকি ৰাজকন্যাক আইচিইউত মই ৰখা নাছিলোঁ।”

কিন্তু তদন্তকাৰী দলটোৰ জেৰাত একেগৰাকী চিকিৎসক নভনীল বৰুৱাই ICUত ভৰ্তি নকৰিলে আত্মহত্যাৰ ভাবুকি দিছিল ৰাজকন্যাই বুলি জনাই। ডাঃ নভনীল বৰুৱাৰ হোৱাটছএপত হাস্পাতালৰ ভিতৰতে আত্মহত্যাৰ ভাবুকি দিয়াৰ মেছেজ পঠিয়াইছিল ৰাজকন্যাই । ৰাজকন্যাৰ ম’বাইল ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply