ৰাজকন্যা বৰুৱা

গুৱাহাটীঃ তিনি বছৰীয়া পুৰণি গোচৰ উলিয়াই জেলত থকা ৰাজকন্যাক আজি পুনৰ গ্ৰেপ্তাৰ।

আজি ৰাজকন্যাক হাজিৰ কৰোৱা হল CJM আদালতত। ৰাজকন্যাই ২০১৭ চনত সংগঠিত কৰিছিল ভয়ঙ্কৰ দুৰ্ঘটনা।

দুৰ্ঘটনাত প্ৰাক্তন বিধায়িকা নৱনিতা সন্দিকৈৰ পুত্র কৰণ জ্যোতি সন্দিকৈৰ ডিঙিৰ হাড় ভাঙিছিল।

২০১৭ চনৰ ২৬ অক্টোবৰৰ নিশা ১২.৪৫ মিনিটত মহানগৰীৰ ছয়মাইলত ৰাজকন্যাই সংগঠিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনা।

লগতে পঢ়কঃমহা সপ্তমীৰ দিনা শিলচৰৰ কাঁচাকান্তি মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

সেই সময়তো একেখন বিলাসী বাহন এছ ০১ এজি ২১৯৪ ৰে দুৰ্ঘটনা সংগঠিত কৰিছিল।
আজি দিছপুৰ আৰক্ষী থানাত ২০১৮ চনত ৰুজু হোৱা case no: 747/2018 গোচৰত পুনৰ ৰাজকণ্যাক গ্ৰেপ্তাৰ কৰিছে।

আজি পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৰাজকণ্যাক। উক্ত দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত কৰণ আজিও সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠাগৈ নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply