গুৱাহাটী : জামিন লাভ নকৰিলে ৰাজকন্যা বৰুৱাই। জামিন আবেদন নাকচ ৰাজকন্যা বৰুৱাৰ। কামৰূপ সত্ৰ ন্যায়াধীশে ৰাজকন্যা বৰুৱাৰ জামিন আবেদন নাকচ কৰে।

কাৰাগাৰতে থাকিব লাগিব ৰাজকন্যা বৰুৱা। সুৰাৰ ৰাগীত মাতাল লৈ তীব্ৰ বেগত বাহন চলাই দুর্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাৰ জামিন আবেদন নাকচ কৰে কামৰূপ সত্ৰ ন্যায়াধীশে।

উল্লেখ্য যে যোৱা ২ নৱেম্বৰৰ পুৱতি নিশা ৰাজকন্যা বৰুৱাই ৰুক্মিণীগাঁৱত মহতিয়াই নিছিল ৯ জনকৈ লোকক। সুৰাৰ ৰাগীত মাতাল হৈ ৰাজকন্যা বৰুৱাই এই দুর্ঘটনা সংঘটিত কৰিছিল।

লগতে পঢ়ক : নতুন প্রজন্মই ইতিহাস নাজানিলেএকালত কাল্পনিক চৰিত্ৰ হ’ব লাচিত বৰফুকন : বিশ্বজিৎ দৈমাৰী

ৰাজকন্যা বৰুৱাই মহতিয়াই নিয়া ৯ জন লোকৰ ভিতৰত যোচেফ মাৰাকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল। দুর্ঘটনাত দুয়োখন ভৰি হেৰুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছিল যোচেফ মাৰাকৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply