গুৱাহাটী : মঙলবাৰে দিনটোৰ ভিতৰত দিছপুৰ থানাত হাজিৰ হোৱাৰ বাবে আৰক্ষীয়ে চমন দিছিল ৰাজকন্যা বৰুৱাক। ৰাজকন্যা বৰুৱাক দিছপুৰ আৰক্ষীয়ে এই চমন দিছিল সোমবাৰে। কিন্তু দিছপুৰ থানাত হাজিৰ হোৱাৰ সম্ভাৱনা নাই ৰাজকন্যা বৰুৱাৰ।

দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক থানাত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰি জাননী দিছিল যদিও ৰাজকন্যা বৰুৱাৰ মাতৃয়ে ১৪ দিনত সময় বিচাৰিছে ৰাজকন্যা বৰুৱা থানাত হাজিৰ হোৱাৰ বাবে। অসুস্থতাৰ বাবে ১৪ দিনৰ সময় বিচাৰিছে ৰাজকন্যা বৰুৱাৰ মাতৃয়ে।

ৰাজকন্যা বৰুৱা জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে ৰাজকন্যা বৰুৱা নামৰ মডেল গৰাকীয়ে সুৰামত্ত অৱস্থাত ৰুক্মিণীগাঁৱত ৯ জনকৈ লোকক মহতিয়াই নিছিল। ইয়াৰে ৮ জন শ্ৰমিক আছিল।

সুৰাৰ ৰাগীত ৰাজকন্যা বৰুৱাই মহতিয়াই নিয়া এই ৯ জন লোকৰ ভিতৰত এজন লোকে দুয়োখন ভৰি হেৰুৱাইছে। দুর্ঘটনা সংঘটিত কৰাৰ ২৪ ঘন্টাৰ ভিতৰতে ৰাজকন্যা বৰুৱাই জামিন লাভ কৰিছিল। আৰক্ষীৰ দুৰ্বল তদন্ত ফলতে ৰাজকন্যা বৰুৱাই জামিন লাভ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

লগতে পঢ়ক :  দৰিদ্ৰতাক আওকাণ কৰি দুৰ্গা প্ৰতিমা সজাত ব্যস্ত ভাস্কৰ্য শিল্পী খেমেশ্বৰ বৰা

আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দুর্ঘটনাৰ তদন্ত কৰা আৰক্ষীৰ ভূমিকাৰ তদন্তৰ নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে দিছপুৰ থানাৰ দুগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply