গুৱাহাটী : কেন্দ্রীয় প্রতিক্ষা মন্ত্রী ৰাজনাথ সিঙে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সৰুসজাইত ভাৰতীয় প্রতিক্ষা গৱেষণা সংস্থাৰ সহযােগিতাত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা ৩০০ বিচনাযুক্ত ক’ভিড হাস্পতালখন পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে হাস্পতালখনত জটিল ক’ভিড ৰােগত আক্রান্ত ৰােগীসকলৰ চিকিৎসাৰ সা-সুবিধাৰ বিষয়ে বিতং বুজ লয়। উল্লেখ্য যে এই হাস্পতালখন ৰাজ্য চৰকাৰে ভাৰতীয় প্রতিক্ষা গৱেষণা সংস্থাৰ সহযােগিতাৰে অতি কম সময়ৰ ভিতৰতে নির্মাণ কৰি উলিয়াইছে।

পৰিদৰ্শনৰ পিছতে উক্ত স্থানত উপস্থিত থকা সাংবাদিকসকলক সম্বােধি কেন্দ্রীয় প্রতিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে এই হাস্পতালখনে ৰাজ্য চৰকাৰক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ দিশত বিশেষভাৱে সহায় কৰিব। স্বাস্থ্যখণ্ডত ৰাজ্য চৰকাৰৰ ই এক বৃহৎ সফলতা বুলিও কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়। উল্লেখযােগ্য যে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ সহযােগত ২১.৪৬ কোটি টকাৰ প্রকল্প ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা নতুন ক’ভিড চিকিৎসালয়খন যােৱা ১০ জুন তাৰিখে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল।

আৰু পঢ়কঃ এ চি এছ বিষয়াৰ বিৰুদ্ধে ক’ভিড প্ৰটকল ভংগৰ অভিযোগ; পজিটিভ ধৰা পৰাৰ দুদিন পিছতে কাৰ্য্যলয়ত উপস্থিত

সৰুসজাইত নির্মিত ক’ভিড হাস্পতালখন পৰিদৰ্শনৰ সময়ত কেন্দ্রীয় প্রতিক্ষা মন্ত্রী ৰাজনাথ সিঙ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীকে ধৰি স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। উল্লেখ্য যে কেন্দ্রীয় প্রতিক্ষা মন্ত্রী জনাথ সিঙে আজি শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰি মাৰ আশীষ লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply