বঙাইগাঁও : বঙাইগাঁও জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পূজা চাবলৈ যোৱা দুই সতীৰ্থৰ কাজিয়াই হত্যাকাণ্ডৰ ৰূপ লয়। ৰাজু মহাতো নামৰ এজন যুৱকে হত্যা কৰে সতীৰ্থ গোপাল বর্মনক। দুয়ো একেলগে ৰাজমিস্ত্রীৰ কাম কৰিছিল।

নৱমীৰ সন্ধিয়া বঙাইগাঁৱৰ নিউ ক’ল’নি অঞ্চল জোকাৰি যায় এক চাঞ্চল্যকৰ হত্যাকাণ্ডই ৰাজু মহাতো আৰু গোপাল বৰ্মনৰ কাজিয়াই চূড়ান্ত ৰূপ ধাৰণ কৰাত এই কাজিয়া হত্যাকাণ্ডত পৰিণত হয়। গোপাল বৰ্মন নিজ সতীৰ্থ ৰাজু মহাতোৰ লগত পূজা চাবলৈ ঘৰৰ পৰা ওলাই গৈছিল।

নিশাৰ ভাগত পূজা চাবলৈ ঘৰৰ পৰা ওলাই যোৱা গোপাল বৰ্মনৰ কাজিয়াৰ সূত্ৰপাত হয় সতীৰ্থ ৰাজু মহাতোৰ লগত। নিচাসক্ত অৱস্থাত থকা ৰাজু মহাতোই ছুৰীৰে গোপাল বর্মনক আক্ৰমণ কৰি পথৰ ওপৰত পেলাই যায়। পৰৱৰ্তী সময়ত গোপাল বৰ্মনৰ পৰিয়ালৰ লোক আহি গোপাল বর্মনক চিকিৎসালয় নিয়ে।

লগতে পঢ়ক :  জেকলিন ফাৰ্ণাণ্ডেজ আৰু ন’ৰা ফাতেহী এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু

চিকিৎসালয়ত চিকিৎসকে গোপাল বর্মনক মৃত বুলি ঘোষণা কৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ৰাজু মহাতো নিচাসক্ত অৱস্থাত এই ঘটনা সংঘটিত কৰে। ৰাজু মহাতো আৰু গোপাল বৰ্মন একেলগে ৰাজমিস্ত্রীৰ কাম কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,526 other subscribers

Leave a comment

Leave a Reply