মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰীকা,জয়ন্ত মল্ল বৰুৱা,ৰূপক শৰ্মা আৰু জিতু গোস্বামী সহ দেওবাৰে কংগ্ৰেছৰ নিলম্বিত ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ঘৰত উপস্থিত হোৱা ঘটনাক লৈ ৰাজনৈতিক মহলত বিশেষ ভাবে চৰ্চা চলিছে।

ৰহাৰ জোঙাল বলহুত এটা অনুষ্ঠানত অংশ লোৱাৰ পিছতেই কংগ্ৰেছৰ নিলম্বিত বিধায়কগৰাকীৰ ঘৰলৈ যোৱা বিষয়টোৱে ৰাজ্যসভাৰ দ্বিতীয়খন আসনক লৈ শাসকীয় দল সংখ্যাৰ ক্ষেত্ৰত পাছ পৰি থকা বিষয়টোৰ সৈতে মিলাই বিৰোধীয়ে তীব্ৰ সমালোচনা কৰিছে।

মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পূৰ্বে সংবাদমাধ্যমৰ আগত শশীকান্ত দাসে কয়, “কংগ্ৰেছৰ বাবে বহু কষ্ট কৰিছিলো, কিন্তু দলে মোক আজি নিলম্বিত কৰি যি কৰিছে সেয়া দুখ পাইছো। আজি কংগ্ৰেছ দলৰ বৈঠক, কিন্তু মই ছচিয়েল মিডিয়া যোগেহে খবৰ পাইছো। মোক মতা নাই সেই সভালৈ।” আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ সন্দৰ্ভত শশীকান্ত দাসে কয় এনেদৰে, “আজি মই সুস্থ হৈ আছো। কিন্তু কালিলৈ অসুস্থ হবওঁ পাৰো। যদিহে অসুস্থ হওঁ, তেনেহলে নিশ্চিতভাৱে নিৰ্বাচনত উপস্থিত থাকিব নোৱাৰিম।”

উল্লেখ যে, অহা ৩১ মাৰ্চত নিৰ্বাচন হ’বলগীয়া অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে বিজেপিয়ে পৱিত্ৰ মাৰ্ঘেৰিটা আৰু এখন আসনৰ বাবে ইউ পি পি এল ৰ ৰণগৌড়া নাৰ্জাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। আনহাতে বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী ৰূপে কংগ্ৰেছৰ ৰিপুন বৰাই প্ৰাৰ্থীত্ব আগবঢ়াইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply