ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ক্ৰমান্বয়ে ওচৰ চাপি অহাৰ লগে লগে বিৰোধীৰ হিচাব নিকাচত আউল লাগিছে।কংগ্ৰেছ আৰু এআই ইউ ডি এফৰ ফালৰ পৰা বিৰোধী একগোট হৈ থকাৰ দাবী কৰা হৈছে যদিও বিৰোধীৰ মাজত ফাঁট মেলাৰ সম্ভাবনা দিনক দিনে বৃদ্ধি পোৱাত কংগ্ৰেছ নেতৃত্ব ক্ষোভত ফাটি পৰিছে।ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাকক্ষণত হতাশা বৃদ্ধি পাইছে কংগ্ৰেছত। ৰাইজক যদি বিৰোধী শক্তি নালাগে ৰাজীৱ ভৱনত তলা ওলমাই দিব বুলি ক’লে ভূপেন বৰাই।
দ্বিতীয়খন আসনত সংখ্যাৰ দিশেৰে কংগ্ৰেছ প্ৰার্থী ৰিপুণ বৰা বিৰোধীৰ সম্মিলিত ভোটেৰে জয়ী হোৱাটো নিশ্চিত হৈ আছে যদিও কংগ্ৰেছীয়েই কংগ্ৰেছৰ শত্ৰুত পৰিণত হোৱাৰ লগতে বিৰোধীৰ মাজতো প্ৰয়োজনীয় ঐক্যৰ অভাৱ তথা সন্দেহ-অবিশ্বাসে নিৰ্বাচনী ছবিখন ধূসৰ কৰি তুলিছে।
‘কংগ্ৰেছৰ বিধায়ক অসন্তুষ্ট নহয়। সকলো বিৰোধী বিধায়কে মোকেই ভোট দিব। দ্বিতীয়খন আসনত আমিয়েই জয়ী হম’।কালি AIUDF প্ৰধান বদৰুদ্দিন আজমলক সাক্ষাতৰ পাছত মন্তব্য কৰিলে বিৰোধীৰ প্ৰাৰ্থী ৰিপুণ বৰাৰ।
আনহাতে দিল্লীৰ পৰা আহি গুৱাহাটীত ভৰি দিয়েই ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিলে বদৰুদ্দিন আজমলে। আজমলৰ মতে এ আই ইউ ডি এফ দল এতিয়াও নিজৰ স্থিতিত আছে কিন্তু কংগ্ৰেছৰ বিশ্বাস নাই। এতিয়াও ৫/৬ জন বিধায়কে নিয়মীয়াকৈ হিমন্তবিশ্ব শৰ্মাৰ সৈতে নিশা হ’লেই বৈঠক কৰে। অখিল গগৈৰো মন্তব্য দলৰ বিধায়ক সকলক কংগ্ৰেছে ধৰি ৰাখিব নোৱাৰাটো দূৰ্ভাগ্যজনক। এনে অবস্থাত বিৰোধী শক্তি কেনেদৰে একগোট হৈ থাকে সেই ছবি স্পষ্ট হ’ব ৩১ মাৰ্চত।