ৰাজ্যসভাৰ নিৰ্বাচনত এইবাৰ প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত লৈছে AIUDFএ। ৰাজ্যসভা সন্দৰ্ভত AIUDFৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। ছিৰাজুদ্দিন আজমলৰ বিধায়ক আৱাসত হোৱা এই বৈঠকত এই সিদ্ধান্ত লোৱা হয়।
সাংসদ বদৰুদ্দিন আজমলে AIUDFৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনালে কংগ্ৰেছক।
বিৰোধী একত্ৰিত নহ’লে পিছত চিন্তা কৰা হ’ব বুলিও সাংসদ বদৰুদ্দিনে মন্তব্য কৰে। শ্বেৰমান আলী সন্দৰ্ভতো মন্তব্য কৰি আজমলে কয়, ‘AIUDFলৈ আহিলে আদৰি লোৱা হ’ব শ্বেৰমানক।’

আনহাতে কংগ্ৰেছৰ মুখপাত্ৰ মনজিৎ মহন্তই নগাৱত কয়, “ৰাজ্যসভা নিৰ্বাচনত অনুসৰি হৰ্ছ ট্ৰেডিং নহ’লে এইবাৰ ৰাজ্যসভাৰ এখন আসনত কংগ্ৰেছৰ জয় নিশ্চিত। আনহাতে ৰাজ্যসভা নিৰ্বাচনত জয়ী হ’বলৈ কংগ্ৰেছে অখিল গগৈ আৰু বদৰুদ্দিন আজমলৰ সহায় বিচাৰিব।

ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “তেও হৰ্ছ ট্ৰেডিং নহয়, লং টাৰ্ম ইনভেষ্টমেণ্ট কৰি থৈছে। ৰাজ্যসভাৰ নিৰ্বাচনলৈ মূৰ ঘুমাবলৈ নাই বিজেপিৰ।” খালী হ’বলগীয়া দুখন আসনৰ এখনত জয়ী হোৱাৰ বাবে কংগ্ৰেছ দলৰ তৎপৰতা দিনক দিনে বৃদ্ধি পাইছে।

লগতে পঢ়ক- হেল্থ চিটি হাস্পতালৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ সফলতা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply