নিউজ ডেস্ক : ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই তেওঁৰ সাংসদ পুঁজিৰ পৰা মঙলবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালত ২.৫ কোটি টকা মূল্যৰ আই চি ইউ বিছনা আৰু ভেন্টিলেটৰকে ধৰি বিভিন্ন চিকিৎসা সামগ্ৰী দান দিয়ে।
আই চি ইউ বিছনা আৰু ভেণ্টিলেটৰ আদি দান কৰি বৰাই কয় যে এই সামগ্ৰী সমূহে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্ৰহণ কৰিবলৈ অহা দৰং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজী আৰু নগাঁৱৰ ক’ভিড তথা আন ৰোগীসকলক যথেষ্ট উপকৃত কৰিব।
দান দিয়া চিকিৎসা সামগ্ৰী সমূহৰ ভিতৰত আছে আই চি বিছনা, ভেণ্টিলেটৰ, অক্সিজেন কনচেনট্ৰেটৰ, হুইল চেয়াৰ, ট্ৰলি ষ্ট্ৰেচাৰ ইত্যাদি।
২.৫ কোটি টকাৰ উক্ত সামগ্ৰী সমূহ সাংসদ উন্নয়ন পুঁজিৰ পৰা দিয়া হৈছে বুলি বৰাই জানিবলৈ দিয়ে। জানিব পৰা মতে বিগত মাহ কেইটাত উক্ত জিলাখনত বহু কেইটা ক’ভিড-১৯ৰ কেচ ধৰা পৰিছে।
লগতে পঢ়ক : খাৰঘুলীত নিৰ্মমভাৱে এগৰাকী ১৪ বছৰীয়া কিশোৰীক হত্যা