গুৱাহাটীঃ ৰাজ্য় সভাৰ সাংসদ তথা কংগ্ৰেছ নেতা ৰিপুন বৰা কোভিড ১৯ত আক্ৰান্ত হৈছে।
বৰ্তমান তেওঁক গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে।
ৰিপুন বৰাই যোৱা কেইবাদিন ধৰি তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে কোভিড পৰীক্ষা কৰাবলৈ অনুৰুধ কৰিছে।
আৰু পঢ়কঃদুদিন ধৰি দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা দুই লাখ তলত
তেওঁ কোভিড পজিটিভ বুলি নিশ্চিত হোৱাৰ পিছত ফেচবুক পেজত লিখে, ”কোভিড পজিতিভ হৈ আজিৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছোঁ। যোৱা কেইদিনত মোৰ সান্নিধ্যত অহা সকলো ব্যক্তিকে কোভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনালোঁ।”
বৰ্তমান তেওঁৰ স্বাস্থ্য়ৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।