ৰাজ্যসভা নিৰ্বাচন হ’বলৈ মাজত এটা দিন থকাৰ সময়তে বিৰোধী ঐক্যত ফাঁট মেলিছে। বিৰোধীৰ ঐক্যত ফাঁট মেলাৰ কথা ঘোষণা কৰিলে কংগ্ৰেছ সভাপতি ভুপেন বৰাই। সভাপতি ভুপেন বৰাই আমি ২৮টা ভোট পাম বুলি গেৰান্টী দিলে।
কিন্তু AIUDFয়ে ভোট দিব নাই কোনো গেৰান্টী নাই বুলি কয় ভূপেন বৰাই। বদৰুদ্দিন এদিনৰ বাবে অসমলৈ আহি ৫ টা ভোট বিক্ৰী কৰিছে বুলিও কয় ভুপেন বৰাই। AIUDFৰ দৰে ধকাবাজৰ লগত মিত্ৰতা নহয়। এইবাৰ বিৰোধী ঐক্য একগোট হৈছিল বুলি মন্তব্য কৰে ভুপেন বৰাই।
নিৰ্বাচনত এজেন্ট নিয়োগ কৰাক লৈ আজি দুয়োদলৰ মাজত সংঘাতে তীব্ৰ ৰূপ লয়। AIUDFয়ে নিজা এজেন্টৰ স্থিতিত অটল থকাৰ পিছতেই কংগ্ৰেছ সভাপতিয়ে বিৰোধী ঐক্য ভংগ হোৱাৰ কথা ঘোষণা কৰি নিৰ্বাচনৰ পূৰ্বেই এক প্ৰকাৰ পৰাজয় স্বীকাৰ কৰে।
ইয়াৰ বিপৰীতে ৰিপুণ বৰাক ২০২৬ চনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পৰামৰ্শ দিয়াৰ কথা ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০২৬ চনত তৃতীয় আসনখনৰ বাবে বিজেপি মিত্ৰজোঁটে প্ৰাৰ্থী নিদিয়ে বুলি এতিয়াই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।