দুখন আসনৰ বাবে কাইলৈ হ’ব ৰাজ্যসভাৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী ৰিপুণ বৰাই পুনৰ নিশ্চিতি দিলে যে তেঁও জয়ী হ’বই ৷ মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এ আই ইউ ডি এফ দলক বিশ্বাসঘাতক আখ্যা দিয়াৰ পিছতো আজিৰ দিনটোত বিৰোধীৰ ৪৩ গৰাকী বিধায়কে ৰিপুন বৰাৰ সমৰ্থনতে ভোটদান কৰিব বুলি প্ৰাৰ্থীগৰাকীয়ে মন্তব্য কৰিলে ৷
ইয়াৰ বিপৰীতে ৭ দিনৰ ভিতৰত ভূপেন বৰাক কংগ্ৰেছ সভাপতিৰ পদৰ পৰা অপসাৰণৰ দাবী AIUDFৰ। অন্যথা কংগ্ৰেছৰ লগত মিতিৰালি নকৰে AIUDF-এ। ভূপেন বৰাক তুলাধূনা দি বিধায়ক কৰিমউদ্দিন বৰভূঞাই ক’লে তেওলোকে এই সম্পৰ্কে কংগ্ৰেছ হাইকামাণ্ডক অবগত কৰিব বুলিও কয়।
AIUDFৰ ৫ বিধায়ক বিক্ৰী সন্দৰ্ভত ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ মন্তব্য ‘প্ৰমাণ দিব পাৰিলে সকলো বিধায়কে ৰাজনীতি ত্যাগ কৰিব’।
‘ৰিপুণ বৰাক হৰুৱাবলৈ ভূপেন বৰাৰ এয়া ষড়যন্ত্ৰ’।এনেদৰে অসমৰ দুখন আসনৰ বাবে কাইলৈ অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত সংঘাত বৃদ্ধি পাইছে।
কংগ্ৰেছ সভাপতি ভূপেন বৰাই সংবাদমেল যোগে ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ হাতত এআইইউডিএফৰ বিধায়ক বিক্ৰী গৈছে বুলি কৰা অভিযোগৰ প্ৰতিবাদ কৰি ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে কংগ্ৰেছৰ আভ্যন্তৰত চলি থকা সংঘাতৰ প্ৰসংগ তোলে।
এআইইউডিএফৰ বিধায়ক গৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুন বৰাক একাংশ কংগ্ৰেছ নেতাই সমৰ্থন নকৰে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। “কংগ্ৰেছৰ দলৰ একাংশ নেতাই ৰিপুন বৰাক ভোট নিদিয়ে। তেওঁলোকে ৰিপুন বৰাই জয়ী হৈ ৰাজ্যসভালৈ যোৱাটো নিবিচাৰে কিন্তু এতিয়া তেওঁলোকে এআইইউডিএফৰ ওপৰত দোষ জাপি দিব বিচাৰিছে,”
একাংশ কংগ্ৰেছীয়ে ৰিপুন বৰাৰ ৰাজনৈতিক কেৰিয়াৰ নিঃশেষ কৰাৰ চেষ্টা কৰি আছে বুলিও আমিনুল ইছলামে লগতে কয়।
উল্লেখযোগ্য যে, ৰাজ্যসভাৰ দুখন আসনৰ বাবে কাইলৈ হ’বলগীয়া নিৰ্বাচনত বিজেপিৰ পবিত্ৰ মাৰ্ঘেৰিটা, ইউপিপিএলৰ ৰণগৌড়া নাৰ্জাৰী আৰু বিৰোধীৰ সমৰ্থনত ৰিপুন বৰাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
অৱশ্যে, ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যসভাৰ দুয়োখন আসনতে বিজেপি আৰু ইয়াৰ মিত্ৰজোটৰ প্ৰাৰ্থী বিজয়ী হ’ব বুলি ঘোষণা কৰিছিল।