বিধানসভা অধিবেশনৰ পঞ্চম দিনা বিৰোধীৰ প্ৰতিবাদেৰে উত্তাল সদন । বিজেপি দলে আৰু মুখ্যমন্ত্ৰীয়ে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিধায়ক ক্ৰয় কৰি গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰি বিৰোধীয়ে বিধানসভা অধিবেশনৰ সদন ত্যাগ কৰে ।
মুখ্যমন্ত্ৰীয়ে কালি ৰহাৰ কংগ্ৰেছী বিধায়কৰ ঘৰলৈ যোৱা বিষয়টোৱে ঠাই পাই বিধানসভাৰ মজিয়াত। কালি মুখ্যমন্ত্ৰী ওলাই অহাৰ পিছতেই বিজেপিকেই ভোট দিম বুলি সংবাদমাধ্যমৰ আগত কৈছিল ৰহাৰ বিধায়ক শশীকান্ত দাসে।
বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ভোটটোৰ বাবেই ৰহালৈ শশীকান্তক ভাবুকি দিবলৈ গৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ এই ৰহা অভিযানক গৰিহণা দেৱব্ৰত শইকীয়াৰ।
ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিধায়ক বেচা-কিনা প্ৰসংগক লৈ আজি উত্তপ্ত হৈ পৰা অসম বিধানসভাত মুখ্যমন্ত্ৰীয়ে বিষয়টোক লৈ সদনত মন্তব্য ৰাখি কয়, ” মই কোনো বিৰোধীৰ বিধায়কৰ ঘৰলৈ যাব নোৱাৰিম নেকি? এগৰাকী মুখ্যমন্ত্ৰী যদি বিৰোধী বিধায়কৰ ঘৰলৈ যাব নোৱাৰে তেন্তে মই নাযাও।”
মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈৰ নাম নোলোৱাকৈ কটাক্ষ কৰি কয়- এজনে কালি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কসকলক যেনেদৰে বেয়াকৈ কৈছে ৰাতি মোক কেইবাজনো বিধায়কে ফোন কৰিছে আৰু কৈছে যে, খোলাকৈ বিজেপিত ভোট দি দিও নেকি?
শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ–AIUDF কেনেকুৱা দল বুজিব নোৱাৰি বুলি মন্তব্য কৰি অখিল গগৈয়ে আৰু কয় যে কংগ্ৰেছৰ নিজৰ মানুহ গৈ আছে তথাপি ৰখাব পৰা নাই। বিৰোধী নেতাসকলে কিয় নিজৰ দল মানুহক ৰখাব পৰা নাই? ‘‘সংসদীয়া ৰাজনীতিৰ কাৰণে এয়া গৰ্হিত কাৰ্য। মুকলি বজাৰত বিধায়ক কিনা–বেচা কৰিছে মুখ্যমন্ত্ৰীয়ে। সমস্ত মূল্যবোধক ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যিজন বিক্ৰী হয় তেওঁ মানুহ নে অইন কিবা। বিবেকবান মানুহৰ বাবে এয়া লজ্জাজনক। এনে বিধায়কক জনতাৰ আদালতত বিচাৰ কৰিব লাগে।