কংগ্ৰেছে চাৰিজন বিজেপি বিধায়কৰ ভোট বাতিল কৰাৰ দাবী জনাইছে। ভোট প্ৰদান কৰি বেলট পেপাৰ ৰাজহুৱা কৰাৰ অভিযোগ বিধায়ককেইগৰাকীৰ বিৰুদ্ধে ।বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, বি পি এফৰ দুৰ্গাদাস বড়ো, বিজেপিৰ তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ আৰু বৰচলাৰ বিজেপি বিধায়ক গণেশ লিম্বুৰ বিৰুদ্ধে কংগ্ৰেছৰ পুলিং এজেণ্ট নুৰুল হুদাই ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰিছে অভিযোগ ।
ৰাজ্যসভাৰ দুখন আসনৰ বাবে বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা অসম বিধানসভাৰ চেণ্ট্ৰেল হলত চলি আছে ভোটদান প্ৰক্ৰিয়া । বিয়লি ৪ বজালৈ ভোটদান প্ৰক্ৰিয়া চলাৰ কথা আছিল যদিও ইতিমধ্যে ১২৬ জন বিধায়কৰ ভোটদান সম্পন্ন হৈছে । কিন্তু ইয়াৰ মাজতে বিজেপি মিত্রজোঁটৰ চাৰিজন বিধায়কৰ ভোট বাতিলৰ দাবী কৰিছে বিৰোধী দল কংগ্ৰেছে ।
ভোটদান সম্পন্ন হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত পিযুষ হাজৰিকাই নিজৰ মতামত ব্যক্ত কৰি কয়,’ মই এই মূহুৰ্তত দৃঢ়তাৰে কৈছোঁ যে কংগ্ৰেছৰ ৭ টা ভোটৰ গণ্ডগোল হৈছে।কংগ্ৰেছত ৭ টা লবী আছে, ইটোৱে সিটোক মাৰিয়েই থাকে । আমাৰ জয় নিশ্চিত,কংগ্ৰেছৰ সাতটা ভোট বাতিল হোৱাৰ আশঙ্কা। কিছুমানে লিখোঁতে কৰিছে ভুল আৰু ভুল কৰিলে তেওঁলোকে মুৰ জোকাৰি দিয়ে । আমি ভিতৰত বহি আছিলোঁ,সকলো গম পাই আছোঁ। কোনোবাই টিক মাৰিছে, কোনোবাই বেলট পেপাৰ ফালি দিছে। মুঠতে আমি জিকিছো,গেম অভাৰ।”
আনহাতে বিজেপিৰ বিধায়ক দিগন্ত কলিতাই কংগ্ৰেছৰ চাৰিজন বিধায়কে নিজৰ ভোট নষ্ট কৰা বুলি অভিযোগ উত্থাপন কৰিছে । কিন্তু এই অভিযোগ কংগ্ৰেছৰ পুলিং এজেণ্ট নুৰুল হুদাৰ লগতে আন বিধায়কসকলে নসাৎ কৰিছে । অভিযোগ-প্ৰতি অভিযোগৰ মাজতে ভোটদান সম্পন্ন হোৱা ৰাজ্যসভাৰ নিৰ্বাচনৰ সকলো কথা স্পষ্ট হ’ব বিয়লি ভোট গণনাৰ পাছত ।