ৰাজ্যসভা

গুৱাহাটী : নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন। অহা ৪ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন। অসমৰ এখন আসনৰ বাবে ৪ অক্টোবৰত অনুষ্ঠিত হ’ব নিৰ্বাচন। বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পিছৰে পৰা অসমত ৰাজ্যসভাৰ এখন আসন খালি হৈ আছে।

অসমত ৰাজ্যসভাৰ খালি হৈ থকা আসনখনৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিজেপিয়ে বিজয়ী কৰি আনটো নিশ্চিত। ২০২১ৰ বিধানসভা নিৰ্বাচনত মাজুলীৰ পৰা নিৰ্বাচিত হৈ অহাৰ পিছত সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰি কেন্দ্ৰীয় মন্ত্ৰীসভাত যোগদনা কৰিছে। অসমৰ লগতে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, পুডুচেৰী আৰু পশ্চিম বংগত ৰাজ্যসভাৰ নিৰ্বাচন হ’ব।

লগতে পঢ়ক : মাজুলীত সৰ্বানন্দ সোণোৱাল, জিলা উপায়ুক্ত বিক্ৰম কৈৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ

উল্লেখ্য যে বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰা ৰাজ্যসভাৰ আসনখনৰ নিৰ্বাচনৰ বাবে ১৫ ছেপ্টেম্বৰত অধিসূচনা জাৰি কৰা হ’ব। ৰাজ্যসভাৰ আসনখনৰ বাবে ২২ ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন। অসমৰ লগতে এখনলৈ আসনৰ বাবে মহাৰাষ্ট্ৰ, পুডুচেৰী, মধ্যপ্ৰদেশ আৰু পশ্চিম বংগত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply